নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক ক্রিকেটত ১০ ৰানত অল আউট মংগোলিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ছেপ্টেম্বৰঃ অনিশ্চয়তাৰে পৰা ক্রিকেটত এক অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হ’ল মংগোলীয়া৷ মালয়েছিয়াৰ বাংগিত অনুষ্ঠিত হৈছিল তেনে এখন আশ্চর্যকৰ মেচ৷ আই চি চি টি–২০ বিশ্বকাপ এছিয়া কোৱালিফায়াৰ ‘এ’ৰ চতুর্দশ মেচখন অনুষ্ঠিত হৈছিল মংগোলিয়া আৰু ছিংগাপুৰৰ মাজত৷ এই মেচখনত মংগোলিয়াই প্রথমে বেটিং কৰি ১০ অভাৰত মাত্র ১০ ৰান সংগ্রহ কৰি হেৰুৱাই আটাইকেইটা উইকেট৷ প্রত্যুত্তৰত ছিংগাপুৰে মাত্র ৫টা বলতে নির্ধাৰিত লক্ষ্যত উপনীত হৈ মেচখনত জয়লাভ কৰে৷ অৱশ্যে ছিংগাপুৰেও হেৰুৱাইছিল এটা উইকেট৷ মেচখনত ভাৰতীয় মূলৰ ১৭ বছৰীয়া বলাৰ হর্ষ ভৰদ্বাজে আধিপত্য বিস্তাৰ কৰি মাত্র ৩ ৰান ব্যয় কৰি দখল কৰে ৬টা উইকেট৷ আমোদজনকভাৱে, পাৱাৰ প্লে’ৰ পূর্বেই মংগোলিয়াই ৭ ৰানত হেৰুৱাইছিল ৫টা উইকেট৷ মংগোলিয়াৰ কোনো এজন বেটাৰে স্পর্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ৷ দলৰ পাঁচজন বেটাৰে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ এই মেচখনত দলটোৰ সর্বাধিক ব্যক্তিগত স্ক’ৰ আছিল ২ ৰান৷ মন কৰিবলগীয়া যে টি–২০ ক্রিকেটৰ ইতিহাসত সর্বনিম্ন ৰান কৰাৰ নজিৰ গঢ়ে মংগোলিয়াই৷ কোনো মেচত ১০ অভাৰত মাত্র ১০ ৰান সংগ্রহ কৰা প্রথমটো দল হিচাপে পৰিগণিত হৈছে মংগোলিয়া৷ ইয়াৰ পূর্বে আহল অৱ মেন দলটোও ৮.৪ অভাৰত মাত্র ১০ ৰানতে অল আউট হৈছিল৷ অৱশ্যে যিকোনো টি–২০ আন্তঃৰাষ্ট্রীয় মেচত সর্বনিম্ন ৰান ৰেটৰ অভিলেখো স্থাপন হৈছে মংগোলিয়াৰ নামত৷ দলটোৰ বেটিং বিপর্যয় এইবাৰেই হোৱা নাই, বৰং চলিত বছৰতে দলটোৱে জাপানৰ বিৰুদ্ধে ১২ ৰানতে হেৰুৱাইছিল আটাইকেইটা উইকেট৷

You might also like