নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবাৰৰ চেম্পিয়ন অবিহনে এদিনীয়া বিশ্বকাপ

বিশেষ বাৰ্তা, ১ জুলাই : ভাৰতত অনুষ্ঠিত হ’ব লগা এদিনীয়া ক্ৰিকেট বিশ্বকাপত দেখা নাযাব দুবাৰৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজক৷ বিশ্বকাপৰ যোগ্যতা অর্জন প্রতিযোগিতাৰ ছুপাৰ ছিক্সৰ প্রথমখন মেচত স্কটলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ লগে লগে দলটোৰ বিশ্বকাপৰ আশা নির্বাপিত হয়৷ কিয়নো ছুপাৰ ছিক্স পর্বত নিজৰ তিনিওখন মেচতে বিজয়ী হোৱাটো জৰুৰী আছিল দলটোৰ বাবে৷ কিন্তু প্রথমখন মেচত পৰাস্ত হোৱাৰ লগে লগে বাকী দুখন মেচ ৱেষ্ট ইণ্ডিজৰ বাবে নিয়ম ৰক্ষাত পৰিণত হয়৷ উল্লেখ্য যে ১৯৭৫ চনৰ পৰা আৰম্ভ হোৱা এদিনীয়া বিশ্বকাপ আৰু ২০০৭ চনৰ পৰা আৰম্ভ হোৱা টি–২০ বিশ্বকাপত এই প্রথমবাৰৰ বাবে যোগ্যতা অর্জনত ব্যর্থ হয় কেৰিবিয়ান দলটো৷ গ্রুপ পর্বত জিম্বাব’ৱে আৰু নেদাৰলেণ্ডছৰ হাতত পৰাজিত হৈ নিজৰে ভাগ্য নিজেই কঠিন কৰি তুলিছিল ৱেষ্ট ইণ্ডিজে ৷ ছুপাৰ ছিক্সলৈ যোগ্যতা অর্জন কৰিলেও দলটোৰ হাতত নাছিল কোনো পইণ্ট৷ ইয়াৰ বিপৰীতে জিম্বাব’ৱে আৰু শ্রীলংকাই চাৰি পইণ্টেৰে ছুপাৰ ছিক্সলৈ গৈছিল৷ তাত নিজৰ প্রথম মেচত জয়লাভ কৰে দুয়োটা দলে৷ ফলত স্কটলেণ্ডৰ হাতত পৰাস্ত হ’লেই ৱেষ্ট ইণ্ডিজৰ বিদায় নিশ্চিত আছিল আৰু অৱশেষত সেয়াই হ’ল৷

You might also like