পুনেত আজি শৃংখলা দখলৰ যুঁজ
নিয়মীয়া বার্তা, ২৮ মার্চঃ টেষ্ট আৰু টি–২০ৰ পাছত এদিনীয়া শৃংখলা হস্তগত কৰাৰ লক্ষ্যৰে আজি ইংলেণ্ডৰ বিৰুদ্ধে নির্ণায়ক এদিনীয়াত খেলপথাৰত নামিব টীম ইণ্ডিয়া৷
দ্বিতীয় এদিনীয়াত জ’নী বিয়েৰষ্ট’ আৰু বেন ষ্ট’কছৰ বেটিং ধুমুহাত বিধ্বস্ত হোৱা ঘৰুৱা দলটোৱে শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত বলিঙত কিছু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ বাঁওহতীয়া স্পীনাৰ কুলদীপ যাদৱ আৰু ক্রুনাল পাণ্ডিয়াৰ সলনি য়ুজবেন্দ্র ছাহাল আৰু ৱাশ্বিংটন সুন্দৰে সুযোগ পাব বুলি দলীয় মেনেজমেণ্টে ইংগিত দিছে৷
উল্লেখ্য যে প্রথম এদিনীয়াত ৬৪ ৰান ব্যয় কৰা কুলদীপে ৮৪ ৰান ব্যয় কৰি অনাকাংক্ষিত অভিলেখৰ গৰাকী হয়৷ তেওঁৰ বলত ইংলেণ্ডৰ বেটছমেনে আঠটাকৈ ছিক্সাৰ কোবায়৷ প্রথম এদিনীয়াত বেটে–বলে উজলি উঠা অলৰাউণ্ডাৰ ক্রুনাল পাণ্ডিয়ায়ো দ্বিতীয় এদিনীয়াত মাত্র ৬ অভাৰত ৭২ ৰান ব্যয় কৰে৷
টীম ইণ্ডিয়াৰ এই দুগৰাকী মুখ্য স্পীনাৰে যথেষ্ট ৰান ব্যয় কৰাৰ ফলতে দ্বিতীয় এদিনীয়াত ভাৰতে ৩৩৬ ৰানৰ বৃহৎ স্ক’ৰ সংগ্রহ কৰাৰ পাছতো পৰাজয়ৰ সন্মুখীন হয়৷
পেচ বলিং আক্রমণতো টীম ইণ্ডিয়াই কিছু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ দলীয় সূত্রই সদৰী কৰা অনুসৰি ছার্দুল ঠাকুৰক বিশ্রাম দি অন্তিম এদিনীয়াত বাঁওহতীয়া বেগী বলাৰ টি নটৰাজনে মূল একাদশত সুযোগ পাব পাৰে৷
ইফালে, বেটিঙত লোকেশ ৰাহুল, ঋষভ পণ্ট, বিৰাট কোহলি আৰু হার্দিক পাণ্ডিয়াৰ দুর্দান্ত ফর্মে ঘৰুৱা দলটোক আত্মবিশ্বাসত ৰাখিছে৷
দ্বিতীয় এদিনীয়াত দুর্দান্ত প্রত্যাৱর্তন ঘটোৱা ইংলেণ্ডৰ আত্মবিশ্বাস এতিয়া তুংগত উঠিছে৷ বিশেষকৈ অ’পেনাৰ জ’নী বিয়েৰষ্ট’, জেছন ৰয় আৰু তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ ধুমুহা গতিৰ বেটিঙে পুনৰ এবাৰ টীম ইণ্ডিয়াৰ বলিং আক্রমণক তচনচ কৰিব বুলি আলহী দলটো আশাবাদী৷ এদিনীয়া শৃংখলা জয়েৰে দলটোৱে ভাৰত ভ্রমণ সামৰাৰ লক্ষ্য লৈছে৷
খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷