নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰে আজি ভাৰতৰ অগ্নিপৰীক্ষা

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ চিৰবৈৰী পাকিস্তানৰ হাতত লজ্জাজনক পৰাজয়ৰ দুঃস্বপ্ন পাহৰি টীম ইণ্ডিয়াই আই চি চি টি–২০ বিশ্বকাপত জয়ৰ ছন্দলৈ ওভতাৰ লক্ষ্যৰে আজি নিউজিলেণ্ডৰ মুখামুখি হ’ব৷ বিশ্বকাপত খেলা প্রথমখন মেচতে শোচনীয় ব্যর্থতাৰ সন্মুখীন হৈ বিপদত পৰা দলটোৰ বাবে মেচখন হ’ব মৰণপণ যুঁজ৷ কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিব পাৰিলেহে টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ দৌৰত বর্তি থকাটো সম্ভৱ হ’ব৷

প্রথমখন মেচতে পৰাজয়ৰ সন্মুখীন হোৱা ভাৰত আৰু নিউজিলেণ্ড উভয়ৰ বাবে মেচখন একপ্রকাৰ কোৱার্টাৰ ফাইনেলসদৃশ হৈ পৰিছে৷ কিয়নো এই মেচখনত পৰাস্ত হোৱা দলটোৱে ছেমি ফাইনেলত প্রৱেশৰ বাবে আন দলৰ ওপৰত নির্ভৰশীল হ’ব লাগিব৷

ইফালে পাকিস্তানৰ হাতত ১০ উইকেটত পৰাস্ত হোৱাৰ পৰিণতিত ভাৰতৰ নেট ৰান ৰেট যথেষ্ট নিম্নগামী হৈ আছে৷ এই বিপর্যয়ৰ পৰা পৰিত্রাণ পাবলৈ টীম ইণ্ডিয়াই আজি নিউজিলেণ্ডক বৃহৎ ব্যৱধানত পৰাস্ত কৰাটো জৰুৰী হৈ পৰিছে৷ এই মুহূর্তত দলটোৰ প্রধান সমস্যা হৈ দেখা দিছে তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰৰ দুর্বল প্রদর্শন৷ আঘাতৰ বাবে হার্দিকে বলিং কৰিব নোৱাৰাত টীম ইণ্ডিয়াৰ ভাৰসাম্যতা বিঘ্ণিত হৈছে৷ ক্রিকেট বিশ্লেষকসকলে তেওঁৰ পৰিৱর্তে ঈশান কিষণক মূল একাদশত অন্তর্ভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে যদিও আজিৰ মেচত ভাৰতে মূল একাদশত সালসলনি ঘটোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷

দলীয় সূত্রই সদৰী কৰা অনুসৰি টীম ইণ্ডিয়াৰ মেণ্টৰ মহেন্দ্র সিং ধোনী পাণ্ডিয়াৰ দক্ষতাৰ ওপৰত অত্যন্ত বিশ্বাসী আৰু তাৰকা অলৰাউণ্ডাৰগৰাকীক আন এক সুযোগ দিয়াৰ পক্ষপাতী৷ ইফালে পাকিস্তানৰ বিৰুদ্ধে ইনিংছৰ আৰম্ভণিতে আউট হোৱা তাৰকা অ’পেনাৰ ৰোহিত শর্মা আৰু লোকেশ ৰাহুলে আজি ভাৰতক আক্রমণাত্মক আৰম্ভণি দিয়াৰ আশা কৰিছে দলীয় মেনেজমেণ্টে৷ মিডল অর্ডাৰত সূর্য কুমাৰ যাদৱ, ঋষভ পণ্ট, হার্দিক পাণ্ডিয়া আৰু ৰবীন্দ্র জাদেজাৰ ওপৰত দলটো নির্ভৰশীল হ’ব৷ বলিঙত ভাৰতে যশপ্রীত বুমৰাহ, মহম্মদ ছামি আৰু ভুবনেশ্বৰ কুমাৰৰ পৰা উন্নত প্রদর্শন আশা কৰিব৷ প্রথমখন মেচত দুর্বল প্রদর্শন দাঙি ধৰা সত্ত্বেও আজি উদীয়মান স্পীনাৰ বৰুণ চক্রৱর্তীয়ে আন এক সুযোগ পোৱাৰ সম্ভাৱনা আছে৷

ইফালে পাকিস্তানৰ হাতত প্রথমখন মেচত পৰাজয়ৰ পিছত নিউজিলেণ্ডেও আজি প্রত্যাৱর্তনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ আই চি চি ইভেণ্টত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ২০০৩ৰ পিছত জয়ৰ মুখ দেখা নাই৷ এই ব্যর্থতাৰ ইতিহাস সলনি কৰাটো টীম ইণ্ডিয়াৰ বাবে আজি বৃহৎ প্রত্যাহ্বান হ’ব৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like