নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত হঠাৎ ক’লা–বোকাময় কামেঙৰ পানী

  • উজনি অংশত চীনে নির্মাণ কার্যৰ বিষাক্ত দ্রব্য পেলোৱাৰ সন্দেহ
  • ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ
  • জলচৰ জীৱকুলৰ অস্তিত্বলৈ সংকট
  • বিপদ আহিব পাৰে ব্রহ্মপুত্রলৈও

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ অৰুণাচল প্রদেশ সংলগ্ন প্রকৃত নিয়ন্ত্রণ ৰেখাত ভাৰত–চীনৰ সমৰসজ্জাৰ মাজতে চিৰপ্রৱহমান কামেং নৈৰ জলপৃষ্ঠত পৰিলক্ষিত হোৱা এক নাভূত– নাশ্রুত পৰিঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ দক্ষিণ তিব্বতৰ পৰা বৈ অহা খৰস্রোতা নৈখনৰ পৰিষ্কাৰ পানী হঠাতে হৈ পৰিছে ক’লা আৰু বোকাময়৷ ইষ্ট কামেং জিলাৰ সদৰ চেপ্পাত কামেং নৈৰ জলপৃষ্ঠত এনে আচম্বিত পৰিৱর্তন দেখি হাহাকাৰ লাগে নৈপৰীয়া অৰুণাচলী জনসাধাৰণৰ৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– নৈখনৰ ক’লা আৰু বোকাময় পানীত কালি আৰু আজিৰ দিনটোত ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ৷ স্থানীয় জনসাধাৰণে লগে লগে এই বিষয়টো পূব কামেং জিলা প্রশাসনক অৱগত কৰে৷ ২০১৭ চনত চিয়াং নৈৰ জলপৃষ্ঠত সংঘটিত ঘটনাৰ পুনৰাবৃত্তি বুলিয়েই চেপ্পা তথা পূব কামেং জিলাবাসীয়ে ধাৰণা কৰাৰ সময়তে কামেং নৈৰ ৰূপ পৰিৱর্তন সন্দর্ভত অৰুণাচল প্রদেশ চৰকাৰৰ মীন বিভাগে গুৰুত্বপূর্ণ তথ্য সদৰী কৰিছে৷ যিটো আটাইতকৈ উদ্বেগজনক৷

নৈখনৰ পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষাগাৰত পৰীক্ষাৰ অন্তত বিষাক্ত দ্রব্যৰ উপস্থিতি নিশ্চিত কৰিছে পূব কামেং জিলা মীন উন্নয়ন বিষয়া হালি টাজুৱে৷ সংবাদ মাধ্যমৰ আগত জিলা মীন উন্নয়ন বিষয়াজনে সদৰী কৰা অনুসৰি কামেং নৈৰ ক’লা আৰু বোকাময় পানীত মাত্রাধিক পৰিমাণৰ ‘টোটেল ডিজ’ল্ট ছাবষ্টেন্সেছ’ (টি ডি এছ) দ্রবীভূত হৈ আছে৷ যিয়ে ব্যাঘাত জন্মাইছে নৈখনত থকা জলচৰ প্রাণীকুলৰ উশাহ–নিশাহত৷ তেওঁ কয়– নৈৰ পানীত উচ্চ পৰিমাণৰ টি ডি এছ দ্রৱীভূত হৈ থাকিলে মাছে প্রয়োজনীয় অক্সিজেন গ্রহণ কৰিব নোৱাৰে৷ সাধাৰণতে নৈৰ প্রতি লিটাৰ পানীত ৩০০–১,২০০ মিলিগ্রাম টি ডি এছ থাকে৷ কিন্তু এতিয়া কামেং নৈৰ পানীত ইয়াতকৈ সাংঘাতিক উচ্চ মাত্রাত টি ডি এছ পোৱা গৈছে৷

নৈখনৰ প্রতিলিটাৰ পানীত আছে ৬,৮০০ মিলিগ্রাম পর্যন্ত টি ডি এছ৷ এনেদৰে উচ্চ মাত্রাত টি ডি এছ দ্রৱীভূত হৈ থকাৰ ফলত কামেং নৈত থকা জলচৰ জীৱকুলৰ অস্তিত্বলৈ সংকট নামি আহিছে৷ বিষয়টোক অতি গুৰুত্ব সহকাৰে গ্রহণ কৰি ইতিমধ্যে পূব কামেং জিলা প্রশাসনে জাৰি কৰিছে এক সতর্কবাণী৷ এই সতর্কবার্তাত পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত নৈখনৰ মাছ ধৰা–বিক্রী কৰা নিষিদ্ধ কৰা হৈছে৷ মাত্রাধিক পৰিমাণৰ টি ডি এছে বিষাক্ত কৰা কামেং নৈৰ পানীয়ে ব্রহ্মপুত্রলৈও বিপদ কঢ়িয়াই অনাৰ আশংকা কৰিব পাৰি৷ কিয়নো অৰুণাচল প্রদেশৰ কামেং নৈখনৰ নামেই অসমত হৈছে জীয়াভৰলী৷

দক্ষিণ তিব্বতৰ পৰা অৰুণাচল প্রদেশৰ ভালুকপুং হৈ বৈ আহি এই খৰস্রোতা নৈখনে কলীয়াভোমোৰা সেতুৰ পূব দিশত মিলিত হৈছে ব্রহ্মপুত্রৰ সৈতে৷ যদিহে কামেঙৰ বিষাক্ত পানী ব্রহ্মপুত্রৰে বৈ যায়, তেন্তে বৰলুইতৰ জলপৃষ্ঠও বিষময় হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ইফালে, কামেঙৰ জলপৃষ্ঠ ক’লা আৰু বোকাময় হৈ পৰাৰ বাবে আগ্রাসী চীনকেই দোষাৰোপ কৰিছে চেপ্পাবাসীয়ে৷ চেপ্পাৰ জনসাধাৰণৰ অভিযোগ মতে সীমান্তৱর্তী অঞ্চলত কৰা নির্মাণকার্যৰ বিষাক্ত কোনো দ্রব্য চীনে কামেং নৈৰ উজনি অংশত পেলোৱাৰ ফলতেই হঠাতে জলপৃষ্ঠৰ পৰিৱর্তন ঘটাৰ লগতে নৈখনৰ পানী বিষাক্ত হৈ পৰিছে৷ এই সমগ্র বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰিছে পূব চেপ্পা সমষ্টিৰ বিধায়ক টাপুক টাকুৱে৷ বিধায়ক টাকুৱে কামেং নৈৰ পানীৰ ৰং পৰিৱর্তন আৰু বৃহৎ পৰিমাণৰ মাছৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ শীঘ্রে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে৷

তেওঁ কয়– এনে ধৰণৰ নাভূত–নাশ্রুত ঘটনা কামেং নৈত পূর্বে কেতিয়াও ঘটা নাছিল৷ যদিহে আৰু কেইটামান দিনলৈ এই ঘটনা অব্যাহত থাকে, তেন্তে নৈখনৰ বুকুৰ পৰা জলচৰ প্রাণীকুলৰ সম্পূর্ণৰূপে বিনাশ ঘটিব৷ উজনি অংশত ব্যাপক ভূমিস্খলনৰ ফলতো নৈখনৰ জলপৃষ্ঠৰ পৰিৱর্তন হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰি বিধায়ক টাকুৱে কয় যে ইয়াৰ আঁৰত হয়তো অন্য কাৰণো থাকিব পাৰে৷ সেয়েহে পৰিস্থিতি অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই এখন ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰা উচিত৷ উল্লেখ্য যে ২০১৭ চনৰ নৱেম্বৰ মাহত হঠাতে পাছিঘাটত চিয়াং নৈৰ পানী ক’লা হৈ গৈছিল৷ সেই সময়তো চীনৰ নির্মাণকার্যৰ বাবে চিয়াঙৰ জলপৃষ্ঠৰ পৰিৱর্তন হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷

আনকি অৰুণাচল পূব সংসদীয় সমষ্টিৰ তদানীন্তন সাংসদ নিনং ইৰিঙে বিষয়টোত হস্তক্ষেপ বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ প্রেৰণ কৰিছিল পত্র৷ তদানীন্তন কংগ্রেছ সাংসদজনে দাবী কৰিছিল যে চীনে ১০ হাজাৰ কিলোমিটাৰ দৈর্ঘ্যৰ সুৰংগৰে চিয়াঙৰ পানী ঝিনজিয়াং প্রদেশৰ টাকলামাকান মৰুভূমিলৈ বোৱাই নিয়াৰ ফলতেই চিয়াঙৰ পানী ক’লা হৈছিল৷ সেই সময়ত বেইজিং প্রশাসনে এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও এইবাৰ পুনৰ কামেং নৈৰ পানী ক’লা আৰু বোকাময় হৈ পৰা বিষয়টোক পূব কামেং জিলাবাসীয়ে সহজে ল’ব পৰা নাই৷ তেওঁলোকে এনে নাভূত–নাশ্রুত কাণ্ডৰ বাবে প্রত্যক্ষভাৱে চুবুৰীয়া ৰাষ্ট্রখনকে দোষাৰোপ কৰিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিত চীনা সৈন্য পিপলছ লিবাৰেচন আর্মী (পি এল এ) অধিক সক্রিয় হৈ পৰিছে৷ ভাৰতীয় সেনাই উপগ্রহ, দীর্ঘ দূৰত্বৰ ড্র’ন, ৰাডাৰ আদিৰ সহযোগত ধৰা পেলাইছে পি এল এৰ তৎপৰতা৷ চীনৰ দিশত এল এ চি সংলগ্ণ লুংগ্রোলা, জিমিথাং, বামলা আদি অঞ্চলত বুলড’জাৰকে ধৰি বিভিন্ন আধুনিক যন্ত্রপাতিৰ ব্যৱহাৰেৰে বেইজিং প্রশাসনে ব্যাপক আন্তঃগাঁথনি নির্মাণ অব্যাহত ৰখাৰ তথ্যও ভাৰতীয় সেনাই লাভ কৰিছে৷

সমান্তৰালভাৱে অৰুণাচল প্রদেশ সীমান্তৰ পৰা একেবাৰে সমীপত টহল দি আহিছে ড্রেগন বাহিনীয়ে৷ এনে প্রেক্ষাপটত অৰুণাচল প্রদেশত সষ্টম হৈ পৰিছে ভাৰতীয় সেনাবাহিনী৷ বিভিন্ন ধৰণৰ অত্যাধুনিক অস্ত্র–শস্ত্রৰ লগতে মোতায়েন কৰা হৈছে পূর্বতকৈ যথেষ্টসংখ্যক সেনা জোৱান৷ দুয়োখন দেশৰ মাজত চলি থকা এই সমৰসজ্জাৰ সমান্তৰালভাৱে কামেং নৈৰ পানী ক’লা আৰু বোকাময় হৈ পৰাটো যথেষ্ট উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷

You might also like