নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত আজি সমুখসমৰত ভাৰত–পাক

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই আজি পুনৰ ক্রিকেটৰ পথাৰত মুখামুখি হ’ব দুই চিৰবৈৰী ভাৰত–পাকিস্তান৷ আইচিচি টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ ৰাউণ্ডৰ এই মেচখনক লৈ সমগ্র বিশ্বৰ ক্রিকেট অনুৰাগীৰ মাজত তীব্র উৎকণ্ঠা বিৰাজ কৰিছে৷

সুদীর্ঘ চাৰি বছৰৰ মূৰত ভাৰত–পাকিস্তানৰ মহাৰণ উপভোগ কৰিবলৈ বিশ্বৰ চুকে–কোণে থকা প্রতিগৰাকী ক্রিকেটপ্রেমী সাজু হৈ উঠিছে৷

উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত ভাৰতে প্রতিবাৰেই পাকিস্তানক পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে আৰু এইবাৰো বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই চিৰবৈৰীক হৰুৱাই দেশৰ কোটি কোটি ক্রিকেট অনুৰাগীক আপ্লুত কৰিব বুলি সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ এইপর্যন্ত টি–২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তান ৫বাৰ পৰস্পৰৰ মুখামুখি হৈছে আৰু প্রতিবাৰেই ভাৰতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷

২০০৭ত দক্ষিণ আফ্রিকাত অনুষ্ঠিত আইচিচি টি–২০ বিশ্বকাপত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াই দুবাৰকৈ চুবুৰীয়া দেশখনৰ মুখামুখি হৈছিল৷ গ্রুপ পর্যায়ৰ মেচখনত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ভাৰতে বল আউটৰ জৰিয়তে জয়ী হোৱাৰ পাছত ফাইনেলত দুই চিৰবৈৰী পুনৰ সমুখসমৰত অৱতীর্ণ হৈছিল৷ জোহান্সবার্গত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক ৫ ৰানত হৰুৱাই ধোনী বাহিনীয়ে খিতাপ জয় কৰাৰ স্বর্ণীল মুহূর্ত ভাৰতীয় ক্রিকেট অনুৰাগীৰ মনত এতিয়াও সজীৱ হৈ আছে৷

২০১২ত শ্রীলংকাত আৰু ২০১৪ত বাংলাদেশত অনুষ্ঠিত টি–২০ বিশ্বকাপতো ভাৰতে শেষ হাঁহি মাৰি অগণন ক্রিকেট অনুৰাগীৰ মন জয় কৰে৷ ২০১৬ত ভাৰতত অনুষ্ঠিত টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হাতত পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন হয় চিৰবৈৰী পাকিস্তান৷ দলটোৰ এই দীঘলীয়া ব্যর্থতাৰ ইতিহাস সলনি কৰাৰ লক্ষ্যৰে এইবাৰ বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে আজি ডুবাইৰ আইচিচি ক্রিকেট গ্রাউণ্ডত অৱতীর্ণ হ’ব৷

অধিনায়ক আজমৰ লগতে মহম্মদ ৰিজৱান, ফকৰ জামান, মহম্মদ হাফিজ আৰু ছোৱাইব মালিকৰ দৰে অভিজ্ঞ বেট্ছমেনেৰে সমৃদ্ধ পাকিস্তানে ভাৰতৰ শক্তিশালী বলিং আক্রমণক কিদৰে প্রতিহত কৰে, সেয়া লক্ষণীয় হ’ব৷

ইফালে বিৰাট কোহলি, ৰোহিত শর্মা, লোকেশ ৰাহুল, ঋষভ পণ্ট, হার্দিক পাণ্ডিয়া, ৰবীন্দ্র জাদেজা, যশপ্রীত বুমৰাহৰ দৰে কেইবাগৰাকীও মেচ উইনাৰৰ সৈতে চিৰবৈৰী পাকিস্তানক পুনৰ এবাৰ বিধ্বস্ত কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়া৷

ইয়াৰ পূর্বে টি–২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰাৰ সময়ত ভাৰতৰ অধিনায়ক আছিল মহেন্দ্র সিং ধোনী৷ এইবাৰ অধিনায়ক কোহলিয়ে প্রথমবাৰৰ বাবে টি–২০ বিশ্বকাপত দেশক নেতৃত্বা দি প্রথমখন মেচতে শক্তিশালী পাকিস্তানৰ মুখামুখি হ’ব৷ এনে প্রেক্ষাপটত অধিনায়ক কোহলিৰ বাবেও মেচখন অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ টি–২০ বিশ্বকাপৰ পাছতে তাৰকাগৰাকীয়ে টীম ইণ্ডিয়াৰ টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

উল্লেখ্য যে ২০১৭ৰ চেম্পিয়ন্ছ ট্রফী এদিনীয়া ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে জয়ৰ সোৱাদ লাভ কৰিছিল৷ কোহলি বাহিনীয়ে আজি সেই অপ্রত্যাশিত পৰাজয়ৰ পোতক তোলাৰো সুবর্ণ সুযোগ লাভ কৰিব৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like