নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় টি-২০তো অষ্ট্রেলিয়া বধ ভাৰতৰ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : বেটিং-বলিং উভয়তে দর্শনীয় প্রদর্শনেৰে শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে ৪৪ ৰানত পৰাজিত কৰে অষ্ট্রেলিয়াক৷ এই বিজয়েৰে পাঁচখনীয়া শৃংখলাত ঘৰুৱা দলটোৱে ২–০ৰ ব্যৱধানত অগ্রগতি অর্জন কৰে৷ প্রথমে বেটিং কৰি ভাৰতে অ’পেনাৰ যশস্বী জয়ছোৱাল, ৰুতুৰাজ গাইকোৱাড আৰু ঈশান কিশনৰ অর্ধশতৰানৰ সহায়ত ৪ উইকেটত ২৩৫ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত অষ্ট্রেলিয়াই বেটিং ব্যর্থতাৰে ১৯১ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ জয়ছোৱালে মাত্র ২৫টা বলতে ৫৩ আৰু ৰুতুৰাজে ৫৮ ৰান কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে৷ ঈশান কিশনেও ৩২টা বলত সংগ্রহ কৰে ৫২ ৰান৷ শেষৰ ফালে ৰিংকু সিঙে ৩৭ ৰান কৰি অষ্ট্রেলিয়াৰ সন্মুখত প্রত্যাহ্বানৰ সৃষ্টি কৰে৷ অষ্ট্রেলিয়াৰ হৈ মার্কাছ ষ্টইনিছে সর্বাধিক ৪৫ ৰান কৰে৷ শীর্ষক্রমৰ বেটাৰসকল ব্যর্থ হোৱাৰ পিছত টিম ডেভিদে ৩৭ ৰান সংগ্রহ কৰে৷ শেষৰফালে অধিনায়ক মেথিউ ৱাডেই দলক বিজয়ী কৰোৱাৰ বাবে চেষ্টা চলায় যদিও তেওঁ ৪২ ৰানত অপৰাজিত থাকে৷ ফলত অষ্ট্রেলিয়াই নির্ধাৰিত অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৯১ ৰানত থমকি ৰ’বলগীয়া হয়৷ উল্লেখ্য যে প্রথমখন মেচত ব্যর্থ হোৱা ভাৰতীয় বলাৰসকলে কালি চমকপ্রদ বলিং উপহাৰ দিয়ে৷ প্রসিদ্ধ কৃষ্ণ আৰু ৰবি বিষ্ণয়ে তিনিটাকৈ উইকেট দখল কৰে৷ অহা ২৮ নৱেম্বৰত ভাৰতে শৃংখলাৰ তৃতীয়খন মেচত অৱতীর্ণ হ’ব৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হ’লে শৃংখলা হাতলৈ আহিব৷

You might also like