নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাজয়ৰ পোতক তোলাৰ লক্ষ্যৰে আজি সমুখসমৰত ভাৰত-ইংলেণ্ড

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুনঃ চলিত টি-২০ বিশ্বকাপৰ আজি গায়েনাত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হ’ব টীম ইণ্ডিয়া আৰু ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড৷ প্রতিযোগিতাখনত অপৰাজয়ৰ ধাৰা অব্যাহত ৰখা প্রাক্তন চেম্পিয়ন টীম ইণ্ডিয়াই মেচখনত ইংৰাজ বাহিনীক হৰুৱাই পূর্বৰ পৰাজয়ৰ পোতক তোলাৰ সুবর্ণ সুযোগ লাভ কৰিছিল৷ বিগত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল৷ পুনৰ টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত মুখামুখি হ’ব ভাৰত আৰু ইংলেণ্ড৷ মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয়– ছেমিফাইনেলত তেওঁলোকৰ প্রতিদ্বন্দ্বী কোন হ’ব সেই কথা তেওঁলোকে চিন্তা কৰা নাই৷ ভাৰতে নিজৰ স্বাভাৱিক খেল খেলি যাব৷ আমি বেলেগ একো কৰিব নিবিচাৰোঁ৷ আমি যিটো খেল খেলি আছোঁ সেই খেলেই খেলি যাম৷ সন্মুখত প্রতিদ্বন্দ্বী দল কোন সেয়া আমাৰ বিচার্যৰ বিষয় নহয়৷ সেয়া চালে মানসিক চাপ বৃদ্ধি কৰাটোহে হ’ব৷ গতিকে, আমি নিজৰ স্বাভাৱিক খেল খেলি যাব বিচাৰোঁ৷ অৱশ্যে ছেমিফাইনেলৰ পূর্বে ৰোহিতে কয় যে বিৰাট কোহলিৰ দুর্বল ফর্মে দলটোক কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে৷ অৱশ্যে তেওঁ আশাবাদী কাইলৈৰ এই গুৰুত্বপূর্ণ মেচখনত কোহলিয়ে নিজৰ ছন্দ ঘূৰাই পাব আৰু দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিব৷ ছন্দ ঘূৰাই পালে তেওঁক ৰখাটো বিপক্ষৰ বাবে কঠিন হৈ পৰিব বুলি ব্যক্ত কৰে অধিনায়ক ৰোহিত শর্মাই৷ ইফালে, দলটোৰ মূল একাদশত বিশেষ কোনো সালসলনিৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি ৰোহিত শর্মাই কয় যে ৱেষ্ট ইণ্ডিজৰ খেলপথাৰত স্পীনাৰসকলে ভাল প্রদর্শন দাঙি ধৰিছে৷ কুলদীপ যাদৱে শেহতীয়াকৈ উন্নত প্রদর্শন দাঙি ধৰিছে৷ গতিকে, ছেমিফাইনেলত কুলদীপক মূল একাদশৰ পৰা বাদ দিয়াৰ কোনো চিন্তা–চর্চা কৰা নাই৷ পৰৱর্তী মেচতো তেওঁ ডাঙৰ ভূমিকা পালন কৰিব বুলি মই নিশ্চিত৷ অৱশ্যে মেচখনত ইংলেণ্ডৰ পেচ আক্রমণ ৰোধৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে বুলি মন্তব্য কৰে ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে৷ ফিল ছল্ট, জ’ছ বাটলাৰ, হেৰী ব্রুক আৰু জ’নী বেয়াৰষ্ট’ৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে বুলি ৰোহিত শর্মাই ব্যক্ত কৰে৷

You might also like