নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ছুপাৰ এইটত আফগানিস্তানক হৰুৱালে ভাৰতে

🔹 ব্যর্থ ৰোহিত–ডুবে : সূর্যকুমাৰৰ দর্শনীয় অর্ধশতক

বিশেষ বাৰ্তা, ২১ জুন : টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ বার্বাডোজত অনুষ্ঠিত ছুপাৰ এইটৰ গ্রুপ ১ৰ প্রথমখন মেচত টীম ইণ্ডিয়াই আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে৷ ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৮২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰান কৰে৷ দলটোৰ হৈ আজমতুল্লাহ ওমৰজায়ে ২৬ ৰান কৰাৰ লগতে নাজিবুল্লাহ জাদ্রানে ১৯, গুলবাদিন নাইবে ১৭ আৰু মহম্মদ নবীয়ে ১৪ ৰান কৰে৷ ভাৰতৰ হৈ বুমৰাহ আৰু অর্শদ্বীপ সিং উভয়ে ৩টা, কুলদীপ যাদৱে ২টা, অক্ষৰ পেটেল আৰু ৰবীন্দ্র জাদেজাই ১টাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও সূর্যকুমাৰ যাদৱৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৮১ ৰান সংগ্রহ কৰে৷ সূর্যকুমাৰে ২৮টা বলত পাঁচটা চাৰি আৰু তিনিটা ছয়েৰে ৫৩ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলে৷ ইফালে, হার্দিক পাণ্ডিয়াই ২৪টা বলত ৩২, বিৰাট কোহলিয়ে ২৪টা বলত ২৪, ঋষভ পণ্টে ১১টা বলত ২০ আৰু অক্ষৰ পেটেলে ৬টা বলত ১২ ৰানৰ অৰিহণা আগবঢ়ায়৷ অধিনায়ক ৰোহিত শর্মাৰ লগতে ব্যর্থ হয় শিৱম ডুবে৷ ৰোহিতে ১৩টা বলত ৮ আৰু ডুবেই ১০ ৰান কৰি বিদায় লয়৷ জাদেজাই মাত্র ৭ৰানৰ অৱদানহে আগবঢ়ায়৷ আফগানিস্তানৰ হৈ ফজলহক ফাৰুকী আৰু ৰছিদ খান উভয়ে তিনিটাকৈ উইকেট লাভ কৰে৷

You might also like