নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াক হৰুৱাই চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত

🔹 কোহলিৰ দুর্দান্ত ৮৪

🔹 ১৪ বছৰ পিছত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াক পৰাস্ত

নিউজ ডেস্ক, ৫ মার্চ : অৱশেষত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে থকা ব্যর্থতাৰ ধাৰা ভংগ কৰিলে টীম ইণ্ডিয়াই৷ চলিত চেম্পিয়নছ ট্রফীৰ ডুবাইত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে৷ মেচখনত টীম ইণ্ডিয়াৰ জয়ৰ মূলতে হ’ল তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্দান্ত বেটিঙৰ লগতে হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক ৰূপ৷ মেচখনত কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও কোহলিৰ অনবদ্য ৮৪ ৰানৰ লগতে শ্রেয়াছ আয়াৰৰ ৪৫ আৰু লোকেশ ৰাহুলৰ অপৰাজিত ৪২ ৰানৰ সহায়ত টীম ইণ্ডিয়া ৪৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ হার্দিক পাণ্ডিয়াই ২৪টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ২৮ ৰান কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ অক্ষৰ পেটেলে ২৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল ভাৰতীয় দলটোৰ৷ দলীয় স্ক’ৰ ৪৩ ৰানত অ’পেনাৰদ্বয় শুভমন গিল আৰু ৰোহিত শর্মাই বিদায় লয়৷ গিলে ৮ ৰান আৰু অধিনায়ক ৰোহিতে ২৯টা বলত ৩টা চাৰি আৰু এটা ছয়েৰে ২৮ ৰান কৰে৷ অৱশ্যে কোহলিয়ে আয়াৰৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৯১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ মেচখনত শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা কোহলিয়ে ৯৮টা বলত ৫টা চাৰিৰে ৮৪ ৰান কৰে৷ আউট হোৱাৰ পূর্বে কোহলিয়ে অক্ষৰ পেটেলৰ সৈতে চতুর্থ উইকেটত ৪৪ আৰু ৰাহুলৰ সৈতে পঞ্চম উইকেটত ৪৭ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল৷ ৰাহুলে ৩৪টা বলত ২টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৪২ ৰান কৰি অপৰাজিত হৈ থাকে৷ অষ্ট্রেলিয়াৰ হৈ নাথান ইলিছ আৰু আদাম জাম্পা উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক ষ্টিভেন স্মিথৰ ৭৩, এলেক্স কেৰীৰ ৬১, ট্রেভিছ হেডৰ ৩৯ আৰু মার্নাছ লাবুচানেৰ ২৯ ৰানৰ সহায়ত অষ্ট্রেলিয়াই ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে৷ কুপাৰ ক’ন’লীয়ে ০, জ’ছ ইংলিছে ১১ আৰু মেক্সৱেলে মাত্র ৭ ৰান কৰে৷ টীম ইণ্ডিয়াৰ হৈ মহম্মদ ছামিয়ে সর্বাধিক ৩টা, বৰুণ চক্রৱর্তী আৰু ৰবীন্দ্র জাদেজা উভয়ে ২টাকৈ, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেল উভয়ে এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে টীম ইণ্ডিয়াই ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলৰ পিছৰ পৰা আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে জয়ৰ মুখ দেখা নাছিল৷ অৱশেষত আজি দীর্ঘদিনীয়া ব্যর্থতাৰ অন্ত পেলায় টীম ইণ্ডিয়াই৷

You might also like