নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপৰ ৰুদ্ধশ্বাস ফাইনেলত দঃ আফ্রিকাক হৰুৱাই ভাৰত চেম্পিয়ন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুনঃ কপিল দেৱ বাহিনীৰ পিছত আন এক ইতিহাস– ২২ গজত বিশ্ববিজয়৷ ১৯৮৩ চনৰ সফলতাৰ বাটেৰে বাট বুলি ‘মেন ইন ব্লু’ই চতুর্থবাৰৰ বাবে ক্রিকেট যুদ্ধত গৌৰৱান্বিত কৰিলে উপ-মহাদেশ ভাৰতবর্ষক৷ সুদীর্ঘ প্রতীক্ষাৰ অন্তত ৱেষ্ট ইণ্ডিজৰ বার্বাডোজৰ কেনছিংটন অ’ভেলত দক্ষিণ আফ্রিকাৰ যুদ্ধংদেহি প্রটিয়াজ বাহিনীক পর্যুদস্ত কৰাৰ পিছত উচ্ছ্বসিত ভাৰতবাসীৰ কণ্ঠত সর্বত্র স্বতঃস্ফূর্তভাৱে নিনাদিত হ’ল– আমি বিশ্ববিজয়ী হ’লোঁ৷ টি–২০ বিশ্বকাপত ১৭ বছৰৰ ব্যৱধানৰ পুনৰাবৃত্তি ঘটিল৷ ২০০৭ চনত মহেন্দ্র সিং ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই জয় কৰিছিল প্রথম টি–২০ বিশ্বকাপ ক্রিকেট৷ ৰোহিত শর্মাৰ নেতৃত্বত টি–২০ বিশ্বকাপত পুনৰ চেম্পিয়ন হ’ল ভাৰতীয় দলটোৱে। বার্বাডোজৰ কেনছিংটন অ’ভেলত গান্ধী–মেণ্ডেলাৰ দেশৰ মাজত অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতে দক্ষিণ আফ্রিকাক ৰোমাঞ্চকৰ মেচত ৭ ৰানত পৰাস্ত কৰে৷ খিতাপ যুঁজৰ মেচখনত জিৰোৰ পৰা হিৰোলৈ পর্যবসিত হয় বিৰাট কোহলি৷ প্রতিযোগিতাখনত ধাৰাবাহিক ব্যর্থতাৰ অন্তত এক দায়িত্বশীল বেটিঙেৰে ভাৰতীয় দলটোক চেম্পিয়ন কৰোৱাত গুৰুদায়িত্ব লয় কোহলিয়ে৷ ৭৬ ৰানত দুর্দান্ত ইনিংছ খেলাৰ সুবাদত কোহলিয়ে মেচৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷ কোহলিৰ লগতে ভাৰতীয় দলটোৰ এই বিশ্বজয়ত অগ্রণী ভূমিকা পালন কৰে দলৰ নির্ভৰযোগ্য অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ লগতে অক্ষৰ পেটেলেও৷ ইফালে ইতিহাস ৰচিও স্বপ্ণ পূৰণত ব্যর্থ হ’ল ‘ছকার্ছ’ অপবাদেৰে পৰিচিত দক্ষিণ আফ্রিকা৷ আজিৰ ফাইনেল মেচখনৰ প্রতিটো অভাৰতে নাটকৰ দৰে সলনি হৈছিল দৃশ্যপট৷ ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রটিয়াছ বাহিনীয়ে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্রহ কৰে৷ প্রথম অৱস্থাত মেচখন ভাৰতৰ পক্ষত আছিল যদিও কুইণ্টন ডি ক’ক আৰু হেনৰিচ ক্লাছেনে মাৰমুখি বেটিঙেৰে দলটোক জয়ৰ মুখলৈ লৈ গৈছিল৷ কিন্তু অর্শদ্বীপ সিঙে ডি ক’কক আৰু পাণ্ডিয়াই ক্লাছেনক আউট কৰি দলটোৰ পৰা জয় কাঢ়ি আনে৷ ক্লাছেনে ২৭টা বলত ৫২ ৰান কৰাৰ বিপৰীতে ডি ক’কে ৩৯ ৰানৰ অৱদান আগবঢ়ায়৷ ইফালে ডেভিদ মিলাৰে দলটোক পুনৰ জয়ৰ মুখলৈ নিছিল যদিও ব্যক্তিগত ২১ ৰানত আউট হোৱাৰ লগে লগে প্রটিয়াজ বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন ধূলিসাৎ হয়৷ অ’পেনাৰ হেনড্রিকছ আৰু অধিনায়ক মার্কৰাম উভয়ে ৪ ৰানৰ অৱদান আগবঢ়ায়৷ ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ৩টা, অর্শদ্বীপ সিং আৰু যশপ্রীত বুমৰাহ উভয়ে ২টাকৈ আৰু অক্ষৰ পেটেলে ১টা উইকেট লাভ কৰে৷ প্রতিযোগিতাখনত বুমৰাহে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে৷ ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি বিৰাট কোহলিৰ অর্ধশতক আৰু অক্ষৰ পেটেলৰ গুৰুত্বপূর্ণ ৪৭ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্রহ কৰে৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল ৰোহিত বাহিনীৰ৷ দলীয় স্ক’ৰ ৩৪ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই শ’লঠেকত পৰে৷ অধিনায়ক ৰোহিত শর্মাৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ ব্যক্তিগত ৯ ৰানত বিদায় লোৱাৰ সময়ত টীম ইণ্ডিয়াৰ স্ক’ৰ আছিল ১ উইকেটত ২৩ ৰান৷ ৰোহিত আউট হোৱাৰ ক্ষন্তেক পিছতে ঋষভ পণ্টেও বিদায় লয়৷ উইকেটকীপাৰ বেটাৰগৰাকীয়ে দুটা বল খেলি কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ সেই সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ২৩ ৰান৷ অৱশ্যে উইকেটৰ আনটো দিশত থকা বিৰাট কোহলিয়ে সূর্য কুমাৰ যাদৱৰ সৈতে লগ লাগি দলৰ বিপর্যয় ৰোধ কৰাৰ চেষ্টা চলায় যদিও ব্যর্থ হয়৷ দলীয় স্ক’ৰ ৩৪ ৰানত সূর্য কুমাৰে ব্যক্তিগত ৩ ৰানত বিদায় লয়৷ ইফালে প্রতিযোগিতাখনৰ ইখনৰ পিছত সিখন মেচত ব্যর্থ হোৱা কোহলিয়ে আজি ভাৰতীয় দলক সন্তোষজনক স্থিতিত উপনীত কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ জিৰোৰ পৰা আজি হিৰোলৈ ৰূপান্তৰিত হোৱা কোহলিয়ে ৭৬ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ ৫৯টা বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৭৬ ৰান কৰা কোহলিয়ে অক্ষৰ পেটেলৰ সৈতে চতুর্থ উইকেটত ৭২ ৰান সংগ্রহ কৰি ভাৰতীয় দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ অক্ষৰে ৩১টা বলত ১টা চাৰি আৰু ৪টা ছয়েৰে ৪৭ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ ইফালে শিৱম ডুবেই ১৬টা বলত ৩টা চাৰি আৰু ১টা ছয়েৰে ২৭ ৰানৰ অৱদান আগবঢ়ায়৷ হার্দিক পাণ্ডিয়াই ২টা বলত ৫ ৰান কৰি অপৰাজিত হৈ থাকে যদিও ৰবীন্দ্র জাদেজাই ২ ৰান কৰি আউট হয়৷ দক্ষিণ আফ্রিকাৰ হৈ কেশৱ মহাৰাজ আৰু এনৰিচ নর্টজে উভয়ে ২টাকৈ উইকেট লাভ কৰাৰ লগতে মার্কো জানছেন আৰু কাগিছ’ ৰাবাডা উভয়ে এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্রথমবাৰলৈ এদিনীয়া বিশ্বকাপৰ সোৱাদ লাভ কৰাৰ বিপৰীতে ২০১১ চনত মহেন্দ্র সিং ধোনী বাহিনীয়ে অনুৰূপ সন্মান দেশলৈ কঢ়িয়াই আনিছিল৷ ইয়াৰ পূর্বে ২০০৭ চনত ধোনীৰ নেতৃত্বতে প্রথমবাৰলৈ টি–২০ বিশ্বকাপ অর্জন কৰিছিল টীম ইণ্ডিয়াই৷ সুদীর্ঘ ১৭ বছৰৰ অন্তত ৰোহিত শর্মাৰ নেতৃত্বত বহু প্রতীক্ষিত সন্মান ভাৰতীয় ক্রিকেট দলে লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে, আজি বিশ্বজয়ৰ পিছতে টি–২০ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে বিৰাট কোহলিয়ে৷

You might also like