শ্ৰীলংকাৰে প্ৰথম টি-২০ত ৪৩ ৰানত বিজয় সাব্যস্ত টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুলাইঃ শ্রীলংকাত উজলিল অসম সন্তান ৰিয়ান পৰাগ৷ বেটিঙত ব্যর্থ হ’লেও বলিঙত উজলিল ৰিয়ান৷ প্রথমখন টি–২০ত তিনিটাকৈ উইকেট দখল কৰি ভাৰতীয় দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লয়৷ পাল্লিকেলত অনুষ্ঠিত প্রথমখন টি-২০ মেচত ভাৰতে ঘৰুৱা দল শ্রীলংকাক ৪৩ ৰানত পৰাস্ত কৰে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পাথুম নিছানকাৰ ৭৯ আৰু কুশল মেণ্ডিছৰ ৪৫ ৰানৰ সহায়ত সিংহলী বাহিনীয়ে ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭০ ৰানহে কৰে৷ টীম ইণ্ডিয়াৰ হৈ ৰিয়ানে ৫ ৰানত ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক সূর্যকুমাৰ যাদৱৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি যশস্বী জয়ছোৱাল আৰু শুভমন গিলে টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে৷ প্রথম উইকেটত দুয়োৰে মাজত ৭৪ ৰান সংগ্রহ হোৱাৰ সময়ত গিলে মাত্র ১৬টা বলত ৩৪ ৰান কৰি বিদায় লয়৷ ইফালে গিল আউট হোৱাৰ পৰৱর্তী বলত জয়ছোৱালেও বিদায় লয়৷ জয়ছোৱালে ২১ বলত ৪০ ৰান কৰে৷ ইফালে মাত্র ২৬টা বলত ৫৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলা সূর্যকুমাৰে ঋষভ পণ্টৰ সৈতে তৃতীয় উইকেটত ৭৬ ৰান সংগ্রহ কৰে৷ পণ্টে মাত্র ১ ৰানৰ বাবে অর্ধশতকৰ পৰা বঞ্চিত হয়৷ পণ্টে ৩৩টা বলত ৪৯ ৰান কৰি বিদায় লয়৷ ৰিয়ান পৰাগে ৭ ৰানহে কৰে৷ শ্রীলংকাৰ হৈ মথিছা পাথিৰানাই ৪টা উইকেট লাভ কৰে৷