নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিম্বাবৱেৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত বৃহৎ জয় টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ জুনঃ কালি অনুষ্ঠিত প্ৰথমখন মেচত শোচনীয় পৰাজয়ৰ পৰা শিক্ষা ললে ভাৰতে। কালিৰ শিক্ষা লৈ আজি অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত জিম্বাবুৱেক ১০০ ৰানত পৰাস্ত কৰিছে ভাৰতে। ইয়াৰ লগে লগে পাঁচখন খেলৰ শৃংখলাত ১-১ত সমতাত আছে টীম ইণ্ডিয়া। ভাৰতীয় দলৰ জয়ৰ ভেটি স্থাপন কৰে অভিষেক শৰ্মা আৰু ঋতুৰাজ গাইকোৱাডৰ ১৩৭ ৰানৰ পাৰ্টনাৰশ্বিপে। অভিষেকে ৪৭ বলত ১০০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে ৪৭ বলত ৭৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ জৰিয়তে ভাৰতে ২৩৪ ৰান সংগ্ৰহ কৰিছিল। বিপৰীতে জিম্বাবুৱে লক্ষ্যৰ পিছ লওঁতে বেয়া আৰম্ভণি কৰে। আৰু ১৩৪ ৰানত অল আউট হয়। দলটোৰ হৈ ৱেছলী মাধেৱৰে বহু চেষ্টা কৰিছিল যদিও ৩৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰি আউট হৈছিল। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰি স্ক’ৰব’ৰ্ডত ২৩৪ ৰান সংগ্ৰহ কৰে। লক্ষ্য খেদিবলৈ অহা জিম্বাবুৱেৰ দলটোৱে প্ৰথম অভাৰতে মুকেশ কুমাৰে ইনোচেণ্ট কাইয়াক মাত্ৰ ৪ ৰানৰ স্ক’ৰত ক্লিন বল কৰে। যদিও ৱেছলী মাধেভেৰ আৰু ব্রায়ান বেনেটে একেলগে ৩৬ ৰান সংযোজন কৰে, কিন্তু বেনেটক মুকেশে বল্ড কৰে৷ এটা সময়ত জিম্বাবুৱেৰ স্ক’ৰ আছিল এটা উইকেটত ৪০ ৰান, কিন্তু পৰৱৰ্তী ৬ ৰানৰ ভিতৰত দলটোৱে ৩টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল। টীম ইণ্ডিয়াৰ হৈ উইকেট ল’বলৈ আৰম্ভ কৰে মুকেশ কুমাৰে। তেওঁ নিজৰ উদ্বোধনী স্পেলত ২টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। ৪ অভাৰত মাত্ৰ ১১ ৰানত ২ উইকেট দখল কৰি পুনৰ মাৰাত্মক বুলি প্ৰমাণিত হয় ৰবি বিষ্ণোই। ভাৰতৰ হৈ আৱেশ খান আৰু মুকেশ কুমাৰে শীৰ্ষ উইকেট দখল কৰে, দুয়োজনে ৩টাকৈ উইকেট দখল কৰে। তেওঁৰ উপৰি ৱাশ্বিংটন সুন্দৰেও এটা উইকেট দখল কৰাত সফল হয়। উল্লেখ্য যে কালি আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটা অভিষেক শৰ্মাই দুৰ্দান্ত শতক অৰ্জন কৰে। তেওঁ ৪৭ বলত ১০০ ৰান কৰি আউট হয়। কালি অনুষ্ঠিত প্ৰথম টি-২০ তথা অভিষেত মেচত অভিষেক শৰ্মা শূন্য ৰানত আউট হৈছিল।

You might also like