অষ্ট্রেলিয়াত গুলপীয়া বল খেলাটো সহজ নহ’বঃ ৰোহিত
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ চলিত বর্ষৰ শেষৰ ফালে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া দিবা–নৈশ টেষ্ট ভাৰতৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক হ’ব৷
৩ ডিচেম্বৰৰ পৰা ব্রিছবেনৰ গাব্বাত খেলিবলগীয়া মেচখনক লৈ এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাই৷ ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে মত–বিনিময় কৰি ভাৰতীয় এদিনীয়া দলৰ উপ–অধিনায়কগৰাকীয়ে কয় যে তেওঁ খেলপথাৰলৈ উভতিবলৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে৷
আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিয়া তাৰকাগৰাকীয়ে চলিত বর্ষত ঐশ্বর্যশালী টি–২০ লীগ অনুষ্ঠিত নোহোৱাটো দুর্ভাগ্যজনক বুলিও উল্লেখ কৰে৷