নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ এইটত আজি ভাৰতৰ সন্মুখত আফগানিস্তান

🔹 বেটিং ব্যর্থতাক লৈ চিন্তিত টীম ইণ্ডিয়া : সালসলনিৰ সম্ভাৱনা

বার্বাডোজ, ২০ জুন : চলিত টি–২০ বিশ্বকাপত বেটিং ব্যর্থতাই একমাত্র চিন্তাৰ কাৰণ হৈ পৰিছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ লীগ পর্যায়ৰ মেচত টীম ইণ্ডিয়াৰ তাৰকা বেটাৰসকলে আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে৷ অধিনায়ক ৰোহিত শর্মাৰ লগতে বিৰাট কোহলি, শিৱম ডুবে আৰু হার্দিক পাণ্ডিয়াই এতিয়ালৈকে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই৷ বিশেষকৈ তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্বল ফর্মে দলটোক বিশেষভাৱে চিন্তাত ৰাখিছে৷ টীম ইণ্ডিয়াই আজি ছুপাৰ এইটৰ প্রথমখন মেচত আফগানিস্তানৰ বিপক্ষে মুখামুখি হ’ব৷ উক্ত মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ সূত্র অনুসৰি কুলদ্বীপ যাদৱক মূল একাদশত ৰখাৰ সম্ভাৱনা আছে৷ আজিৰ মেচখনত দুগৰাকী পেচ বলাৰেৰে অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে ৰোহিত বাহিনী৷ চলিত বিশ্বকাপত অঘটন সংঘটিত কৰা আফগানিস্তানক অধিক গুৰুত্বসহকাৰে লৈছে ভাৰতীয় দলটোৱে৷ কাৰণ দলটোত বিশ্বৰ অন্যতম শ্রেষ্ঠ স্পীনাৰ ৰছিদ খান আছে৷ ইফালে, কেইবাগৰাকী ভাল বেটাৰৰ লগতে বলাৰো দলটোত আছে৷ গতিকে মেচখনত আফগানিস্তানক সহজভাৱে ল’ব বিচৰা নাই ৰোহিত ব্রিগেডে৷ কাৰণ আফগানিস্তানৰ অঘটন ঘটোৱাৰ শক্তি আছে৷ ইফালে, প্রতিযোগিতাখনত ভাৰতীয় বেটাৰসকলে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ গতিকে মেচখনত ভাৰতীয় দলটোৱে জয়লাভ কৰিবলৈ হ’ল বিশেষ ৰণনীতিৰে নামিব লাগিব৷ অন্যথা অঘটনৰ সন্মুখীন হোৱাৰ অধিক সম্ভাৱনা আছে৷

You might also like