নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াই ১০ কোটি অর্জন ভাৰতৰ

🔹 চেম্পিয়ন হ’লে ৩৬.৩২ কোটি লাভ কৰিব টীম ইণ্ডিয়াই

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : বিশ্বকাপৰ লীগ পর্বত হতাশজনক প্রদর্শন দাঙি ধৰিলেও পুৰস্কাৰ মূল্য হিচাপে লাভ কৰিছে ২ কোটি ১৮ লাখ টকাৰো অধিক৷ বিশ্বকাপৰ লীগ পর্বত এখন মেচত জয়লাভ কৰাৰ বাবে ইণ্টাৰনেচনেল ক্রিকেট কাউঞ্চিলে দিছে ৪০ হাজাৰ ডলাৰ আর্থিক পুৰস্কাৰ৷ ভাৰতীয় মুদ্রাত প্রায় ৩৩ লাখ ৩৪ হাজাৰ টকা৷ ভাৰতে লীগ পর্বৰ ৯খন মেচত জয়লাভ কৰিছে৷ সেইবাবে ৰোহিত, বিৰাটহঁতে পাব ৩ লাখ ২৬ হাজাৰ ডলাৰ৷ অর্থাৎ প্রায় তিনি কোটি টকা ইতিমধ্যে জয় কৰিছে ৰোহিত বাহিনীয়ে৷ বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হ’ব ভাৰত৷ সেই মেচখনত ৰোহিতহঁতে পৰাজিত হ’লেও পাব ৮ লাখ ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাত ৬ কোটি ৬৬ লাখ টকা৷ ছেমিফাইনেলৰ পৰা বিদায় ল’লেও ভাৰতীয় দলটোৱে লাভ কৰিব প্রায় ১০ কোটি টকা৷ ইতিমধ্যে সেয়া নিশ্চিত হৈছে৷ কেন উইলিয়ামছনৰ দলক হৰুৱাই ভাৰতীয় দলটোৱে ফাইনেলত প্রৱেশ কৰিলে আর্থিক পুৰস্কাৰো বৃদ্ধি পাব৷ ৰোহিত বাহিনী ৰানার্ছআপ হ’লেও লাভ কৰিব প্রায় ১৬ কোটি ৬৬ লাখ টকা৷ অর্থাৎ ভাৰতীয় দলে ৰানার্ছআপ হ’লে লাভ কৰিব প্রায় ১৯ কোটি ৬৬ লাখ টকা৷ বিশ্বকাপ বিজয়ী দলক আই চি চিয়ে পুৰস্কাৰ হিচাপে দিব ৪০ লাখ ডলাৰ অথবা প্রায় ৩৩ কোটি ৩২ লাখ টকা৷ ভাৰতীয় দল চেম্পিয়ন হ’ব পাৰিলে পুৰস্কাৰ মূল্য হিচাপে আই চি চিৰ পৰা লাভ কৰিব মুঠ ৩৬ কোটি ৩২ লাখ টকা৷ এইবাৰ দর্শনীয় প্রদর্শন অব্যাহত ৰখা ভাৰতীয় দল চেম্পিয়ন হোৱাৰ সম্ভাৱনা সর্বাধিক৷ সেয়া হ’লে ভাৰতে বৃহৎ পৰিমাণৰ আর্থিক পুৰস্কাৰ লাভ কৰিব৷

You might also like