পুৰুষ হকীৰ কোৱার্টাৰ ফাইনেলত ভাৰত
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ চমকপ্রদ প্রদর্শন দাঙি ধৰি চলিত টকিঅ’ অলিম্পিকৰ পুৰুষ হকীৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিলে মনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলে৷ অ’ই হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুল ‘এ’ৰ মেচখনত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনাক ৩–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠলৈ উন্নীত হয়৷
সুদীর্ঘ ৪১ বছৰ ধৰি অলিম্পিকত পদক জয়ৰ ব্যর্থতা ভংগৰ লক্ষ্য লোৱা ভাৰতীয় দলটোৰ বৃহস্পতিবাৰৰ জয়ৰ মূলতে আছিল বিবেক সাগৰ প্রসাদ, বৰুণ কুমাৰ আৰু হৰমনপ্রীত সিঙৰ দুর্দান্ত প্রদর্শন৷ প্রথমৰ পৰাই উত্তেজনাপূর্ণ মেচখনৰ প্রথম দুটা কোৱার্টাৰ গ’লশূন্যভাৱে সমাপ্ত হয়৷ অৱশ্যে এই কোৱার্টাৰ দুটাত দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ কেইবাটাও সুযোগ পাইছিল যদিও তাক কার্যকৰী কৰাত ব্যর্থ হয়৷
অৱশ্যে তৃতীয় কোৱার্টাৰত ভাৰতীয় দলটোৱে আক্রমণৰ চোক বৃদ্ধি কৰি তোলে৷ ৪৩ মিনিটত বৰুণ কুমাৰে ভাৰতীয় দলটোক বৃহৎ সফলতা প্রদান কৰে৷ কিন্তু ৪৮ মিনিটত আর্জেণ্টিনাৰ স্কুথ কাচেলাই গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰাত মেচখন আৰু অধিক উত্তেজনাময় হৈ পৰে৷ খেল শেষ হ’বলৈ তিনি মিনিট বাকী থকা অৱস্থাত ভাৰতীয় দলটোৱে আর্জেণ্টিনাৰ শিবিৰত দুটাকৈ মোক্ষম আঘাত হানি মেচখনত জয়ৰ সোৱাদ লাভ কৰে৷ ৫৮ মিনিটত বিবেক সাগৰ প্রসাদে গ’ল স্ক’ৰ কৰি ভাৰতীয় দলটোক ২–১ গ’লত অগ্রগতি প্রদান কৰাৰ ১ মিনিট পিছতে অর্থাৎ ৫৯ মিনিটত হৰমনপ্রীত সিঙে আন এটা গ’ল স্ক’ৰ কৰি মেচখনত ভাৰতীয় দলটোক ৩–১ গ’লত জয়ৰ সোৱাদ দিয়ে৷
মন কৰিবলগীয়া যে পুল ‘এ’ত মনপ্রীত সিং বাহিনীৰ এয়া আছিল তৃতীয় জয়৷ পুলৰ প্রথমখন মেচত নিউজিলেণ্ডক পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰা ভাৰতীয় দলটোৱে দ্বিতীয়খন মেচত অষ্ট্রেলিয়াৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয় যদিও তৃতীয়খন মেচত স্পেইনক পৰাস্ত কৰি প্রত্যাৱর্তন কৰিছিল ভাৰতে৷ আজি পুলৰ অন্তিমখন মেচত ভাৰতীয় দলটোৱে টকিঅ’ অলিম্পিকৰ আয়োজক জাপানৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷