নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত স্বপ্নভংগ মেগনিফিচেণ্ট মেৰীৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ছবাৰৰ বিশ্ব চেম্পিয়ন তথা লণ্ডন অলিম্পিকৰ ব্রঞ্জ বিজয়ী দেশৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমে টকিঅ’ অলিম্পিকৰ পৰা বিদায় মাগিছে৷ আজি অনুষ্ঠিত ৫১ কেজিৰ প্রি–কোৱার্টাৰ ফাইনেলত মণিপুৰৰ ৩৮ বছৰীয়া তাৰকা বক্সাৰগৰাকীয়ে কলম্বিয়াৰ ইনগ্রিট ভেলেন্সিয়াৰ হাতত অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হয়৷ ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ মেচখনত ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ ব্রঞ্জ বিজয়ী ভেলেন্সিয়াই ৩–২ৰ ব্যৱধানত জয় সাব্যস্ত কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰিছে৷ ২০১২ৰ লণ্ডন অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা মেৰীকমে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত দ্বিতীয়টো পদকৰ লক্ষ্যৰে আজি ৰিঙত নামিছিল যদিও ৩২ বছৰীয়া ভেলেন্সিয়াৰ আক্রমণাত্মক পান্স আৰু বিচক্ষণ কৌশলে ভাৰতীয় বক্সাৰগৰাকীক বিপদত পেলায়৷ দুয়োগৰাকী শক্তিশালী প্রতিদ্বন্দ্বীৰ আক্রমণ–প্রত্যাক্রম প্রথমটো ৰাউণ্ড তীব্র উত্তেজনাপূর্ণ হৈ উঠে যদিও বিচাৰকৰ দৃষ্টিত এই ৰাউণ্ডৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় কলম্বিয়াৰ ইনগ্রিট ভেলেন্সিয়া৷ দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডতো দুয়োগৰাকী তাৰকাৰ মাজত তীব্র যুঁজ হয় আৰু শেষ মুহূর্তলৈ ক্রীড়ানুৰাগীয়ে ফলাফলৰ বাবে বিচাৰকৰ মতামতলৈ অপেক্ষা কৰিবলগীয়া হয়৷ অৱশেষত বিচাৰকৰ দৃষ্টিত কলম্বিয়াৰ প্রতিদ্বন্দ্বীগৰাকী ৩–২ৰ ব্যৱধানত বিজয়ী হয়৷

উল্লেখ্য যে ২০১৯ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱার্টাৰ ফাইনেলত মেৰীকমে ভেলেন্সিয়াক পৰাস্ত কৰিছিল৷ এই পৰাজয়ৰ পোটক তুলি কলম্বিয়াৰ বক্সাৰগৰাকীয়ে আজি মেৰীকমৰ বিৰুদ্ধে কেৰিয়াৰৰ প্রথমটো জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ অলিম্পিকত কলম্বিয়াৰ হৈ খেলা ভেলেন্সিয়া হ’ল প্রথমগৰাকী মহিলা বক্সাৰ৷ ইফালে ভাৰতৰ পুৰুষ বক্সাৰ সতীশ কুমাৰে টকিঅ’ অলিম্পিকৰ কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷ আজি অনুষ্ঠিত ৯১ কেজিৰ প্রি–কোৱার্টাৰ ফাইনেলত তেওঁ জামাইকাৰ ৰিকার্ডো ব্রাউনক ৪–১ৰ ব্যৱধানত পৰাস্ত কৰে৷ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্রঞ্জ পদক অর্জন কৰা ৩২ বছৰীয়া সতীশে কোৱার্টাৰ ফাইনেলত উজবেকিস্তানৰ বাখ’ডিৰ জাল’লভৰ বিৰুদ্ধে ৰিঙত নামিব৷

You might also like