নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰাস্ত আমেৰিকা : টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত স্থান সুৰক্ষিত কৰিছে৷ নিউয়র্কত অনুষ্ঠিত গ্রুপ ‘এ’ৰ মেচখনত টীম ইণ্ডিয়াই আয়োজক আমেৰিকাক ৭ উইকেটত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে ৰোহিত বাহিনীৰ এয়া আছিল ক্রমাগত তৃতীয় জয়৷ আমেৰিকাই জয়ৰ বাবে বান্ধি দিয়া ১১১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও সূর্য কুমাৰ যাদৱৰ দর্শনীয় অপৰাজিত অর্ধশতক আৰু শিৱম ডুবেৰ দায়িত্বশীল বেটিঙৰ সহায়ত ভাৰতে ১৮.২ অভাৰত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলীয় স্ক’ৰ ১৫ ৰানতে অ’পেনাৰদ্বয় বিৰাট কোহলি আৰু ৰোহিত শর্মা পেভিলিয়নমুখী হোৱাত দলটোৱে বিপর্যয়ৰ সন্মুখীন হৈছিল৷ কোহলিয়ে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে ৰোহিতে মাত্র ৩ ৰান কৰে৷ ঋষভ পণ্টে সূর্য কুমাৰৰ সৈতে লগ লাগি দলৰ ভেটি গঢ়িবলৈ ধৰাৰ সময়তে পণ্টেও ১৮ ৰান কৰি বিদায় লয়৷ সেই সময়ত ভাৰতৰ স্ক’ৰ আছিল ৩ উইকেটত ৪৪ ৰান৷ অৱশ্যে সূর্য কুমাৰ আৰু ডুবেই চতুর্থ উইকেটত অপৰাজিতভাৱে ৬৭ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷ সূর্য কুমাৰে ৪৯টা বলত ৫০ আৰু ডুবেই ৩৫টা বলত ৩১ ৰান কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অর্শদ্বীপ সিঙৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ আমেৰিকাই নির্ধাৰিত ২০ অভাৰত ৮ উইকেটত ১১০ ৰান কৰে৷ নীতিশ কুমাৰে সর্বাধিক ২৭, ষ্টিভেন টেইলৰে ২৪ আৰু ক’ৰী এণ্ডাৰছনে ১৫ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদ্বীপ সিঙে ৯ ৰানত ৪টা উইকেট লাভ কৰাৰ লগতে হার্দিক পাণ্ডিয়াই ২টা আৰু অক্ষৰ পেটেলে ১টা উইকেট লাভ কৰে৷

You might also like