নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া শৃংখলাৰ প্ৰথম মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ডিচেম্বৰঃ মহিলা ক্ৰিকেটত বিপৰ্যয়ৰ সন্মুখীন ভাৰত। এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক ৫ উইকেটত পৰাস্ত কৰিছে। অষ্ট্ৰেলিয়াৰ হৈ মেগান স্কাটে মাৰাত্মক বলিং কৰে। তেওঁ ৫টা উইকেট দখল কৰে। প্ৰথমে বেটিং কৰিবলৈ খেলপথাৰলৈ আহিছিল টীম ইণ্ডিয়া। মাত্ৰ ১০০ ৰানৰ স্ক’ৰহে কৰে ভাৰতীয় দলটোৱে। ইয়াৰ পিছত অষ্ট্ৰেলিয়াই ১৬.২ অভাৰত জয়লাভ কৰে। ব্রিজবেনত অনুষ্ঠিত এই মেচখনত অষ্ট্ৰেলিয়াই ১-০ত অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অপেনিং কৰিবলৈ আহে প্ৰিয়া পুনিয়া আৰু স্মৃতি মান্ধনা। মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল মান্ধনা। আনহাতে প্ৰিয়াই ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। ১৯ ৰান সংগ্ৰহ কৰি ৱাক আউট হয় হাৰ্লিন দেউলে। তেওঁ ৩৪টা বলৰ মুখামুখি হৈছিল আৰু ৩টা চাৰিটাকৈ মাৰে। অধিনায়ক হৰমনপ্ৰীতে ১৭ ৰান বৰঙণি আগবঢ়ায়। জেমিমা ৰড্ৰিগেজে ৪২টা বলত ২৩ ৰান সংগ্ৰহ কৰে। ৰিচা ঘোষেও মাত্ৰ ১৪ ৰানহে কৰে। এইদৰে সমগ্ৰ দলটোৱে ১০০ ৰানৰ স্ক’ৰত অল আউট হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ মেগান স্কাটে মাৰাত্মক বলিং কৰে। ৬.২ অভাৰত মাত্ৰ ১৯ ৰান দি ৫ উইকেট দখল কৰে। ১টা মেইডেন অভাৰো লৈছিল। কিম গাৰ্থে ৮ অভাৰত ২০ ৰানত ১ উইকেট দখল কৰে। গাৰ্ডনাৰ, চাথাৰলেণ্ড আৰু এলানা কিঙে ১-১ গ’লত উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ বাবেও এই জয় সহজ নাছিল। ভাৰতে দিয়া লক্ষ্য খেদিবলৈ অহা অষ্ট্ৰেলিয়াৰ দলটোৱে ১৬.২ অভাৰত ৫টা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত জয়ী হয়। যদিও তেওঁলোকৰ আৰম্ভণি ভাল আছিল। লিচফিল্ড আৰু জৰ্জিয়া দলৰ বাবে মুকলি কৰিবলৈ আহিছিল। এই সময়ছোৱাত জৰ্জিয়াই ৪৬টা অপৰাজিত ৰান সংগ্ৰহ কৰে। ৪২টা বলৰ সন্মুখীন হৈ তেওঁ ৬টা চাৰি আৰু ১টা ছয় মাৰে। লিচফিল্ডে ৩৫ ৰান সংগ্ৰহ কৰে। বেথ মুনী আৰু এলিছ পেৰীয়ে বিশেষ একো কৰিব নোৱাৰিলে। দুয়োজনেই ১-১ ৰান সংগ্ৰহ কৰি আউট হৈছিল। গাৰ্ডনাৰে ৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। ভাৰতৰ হৈ ৰেনুকা সিঙে ভাল বলিং কৰে। ৭ অভাৰত ৪৫ ৰানত ৩ উইকেট দখল কৰে। প্ৰিয়া মিশ্ৰয়ো উজ্জ্বল বলিং কৰে। ২ অভাৰত ১১ ৰানত ২ উইকেট দখল কৰে।

You might also like