নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম লীগ মেচত আজি ভাৰত–নেদাৰলেণ্ডছ

বিশেষ বাৰ্তা, ১২ নৱেম্বৰ : ভাৰতত পূর্ণগতিত চলি থকা আই চি চি এদিনীয়া বিশ্বকাপৰ আজি লীগ মেচৰ সামৰণি পৰিব৷ বেংগালুৰুত আজি হ’বলগীয়া অন্তিমখন লীগ মেচত মুখামুখি হ’ব আয়োজক ভাৰত আৰু নেদাৰলেণ্ডছ৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ছেমিত স্থান নিশ্চিত কৰা টীম ইণ্ডিয়াই লীগ মেচত অপৰাজেয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ মন কৰিবলগীয়া যে ৰোহিত বাহিনীয়ে ইতিমধ্যে হৈ যোৱা লীগৰ ৮ খন মেচতে জয়ৰ মুখ দেখিছে৷ আজিৰ মেচখন ছেমিফাইনেলৰ প্রস্তুতিস্বৰূপে খেলিব টীম ইণ্ডিয়াই৷ অহা বুধবাৰে নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া ছেমিফাইনেল মেচখনলৈ সাজু হোৱাৰ বাবে আজিৰ মেচখনক অধিক গুৰুত্বসহকাৰে লৈছে ঘৰুৱা দলটোৱে৷ আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কোনোধৰণৰ সালসলনি নঘটোৱাৰ ইংগিত দিছে প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ মেচখন সন্দর্ভত প্রশিক্ষক দ্রাবিড়ে কয় যে নেদাৰলেণ্ডছক আমি সহজভাৱে ল’ব বিচৰা নাই৷ দলটোৱে ইতিমধ্যে প্রতিযোগিতাখনত অঘটন সংঘটিত কৰিছে৷ গতিকে সর্বশক্তিৰে টীম ইণ্ডিয়া আজি খেলপথাৰত নামিব৷ ছেমিফাইনেলৰ বাবে এইখনেই ৰোহিত বাহিনীৰ বাবে প্রস্তুতি মেচ হিচাপে ধৰা হৈছে৷ দুর্দান্ত ফর্মত থকা দলটোত কোনোধৰণৰ সালসলনি ঘটাব বিচৰা নাই বুলি মন্তব্য কৰে প্রশিক্ষক দ্রাবিড়ে৷ ইফালে, আজিৰ এই মেচখন কোহলিৰ বাবেও বিশেষ তাৎপর্যপূর্ণ হৈ পৰিব৷ কিয়নো, আজি শতক অর্জন কৰিব পাৰিলে কোহলিয়ে এদিনীয়া ক্রিকেটত ৫০সংখ্যক শতৰান কৰাৰ গৌৰৱৰ অধিকাৰীয়েই নহয়, বিশ্বৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে বিশ্ব অভিলেখ গঢ়িব৷ কোহলিয়ে অভিলেখসংখ্যক ৪৯টা শতক অর্জন কৰি কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰি আছে৷ খেলৰ সময় : দিনৰ ২ বজা৷

You might also like