চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত-নিউজিলেণ্ড
🔹 ফাইনেল ডুবাইত-ক্ষোভ পাকিস্তানত
নিউজ ডেস্ক, ৬ মার্চ : নিউজিলেণ্ডে দ্বিতীয়টো দল হিচাপে চলিত চেম্পিয়নছ ট্রফীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ কালি লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক ৫০ ৰানত পৰাস্ত কৰে৷ হাইস্ক’ৰিং মেচখনত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৩৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডেভিদ মিলাৰৰ বিস্ফোৰক অপৰাজিত শতক সত্ত্বেও দক্ষিণ আফ্রিকাই নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্রহ কৰে৷ মিলাৰে ৬৭টা বলত ১০টা চাৰি আৰু চাৰিটা ছয়েৰে ১০০ ৰান কৰি অপৰাজিত হৈ থাকে৷ মিলাৰৰ উপৰি ৰাছি ভান ডাৰ ডুছেনে ৬৯, অধিনায়ক টেম্বা বাভুমাই ৫৬ আৰু এইডেন মার্কৰামে ৩১ ৰানৰ অৱদান আগবঢ়ায়৷ অপেনাৰ ৰিয়ান ৰিকেলটনে ১৭, হেনৰিচ ক্লাছেনে ৩ আৰু মুডলাৰে মাত্র ৮ ৰানৰ অৱদানহে আগবঢ়ায়৷ নিউজিলেণ্ডৰ হৈ মিচেল ছাণ্টনাৰে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ৰাচিন ৰবীন্দ্র আৰু কেন উইলিয়ামছনৰ দুর্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৩৬২ ৰান সংগ্রহ কৰে৷ ৰবীন্দ্রই ১০৮ আৰু উইলিয়ামছনে ১০২ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলীয় স্ক’ৰ ৪৮ ৰানত উইল ইয়ঙৰ (২১) ৰূপত নিউজিলেণ্ডে প্রথমটো উইকেট হেৰুৱাই যদিও ৰবীন্দ্র আৰু উইলিয়ামছনে দ্বিতীয় উইকেটত ১৬৪ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ইপিনে, ডাৰিল মিচেলে ৩৭টা বলত ৪৯ আৰু গ্লেন ফিলিপছে ২৭টা বলত অপৰাজিত ৪৯ ৰান কৰে৷ দক্ষিণ আফ্রিকাৰ হৈ লুংগি এনগিৰিয়ে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইফালে, প্ৰথমখন ছেমিত ভাৰতে শক্তিশালী অষ্ট্ৰেলিয়াক হৰুৱাই ইতিমধ্যে ফাইনেলত নিজৰ স্থান দখল কৰিছে। দেওবাৰে ডুবাইত হ’বলগীয়া ফাইনেল মেচখনত নিউজিলেণ্ডে টীম ইণ্ডিয়াৰে মুখামুখি হ’ব৷ ভাৰতে ফাইনেলত উপনীত হোৱাৰ সূত্ৰে ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত হ’ব। তাকে লৈ চেম্পিয়নছ ট্রফীৰ আয়োজক পাকিস্তানত ক্ষোভৰ বহি:প্ৰকাশ হোৱা দেখা গৈছে। আয়োজক পাকিস্তানৰ জনতাই নিজ দেশত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেল অনুষ্ঠিত নোহোৱাক লৈ এতিয়া বিভিন্ন মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে।