নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ অক্টোবৰত ভাৰত–পাকৰ মুখামুখি

📌 এদিনীয়া বিশ্বকাপ ক্রিকেটৰ সময়সূচীৰ খচৰা প্রস্তুত

বিশেষ বাৰ্তা, ১৩ জুনঃ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে এতিয়াও ঘোষণা কৰা নাই এদিনীয়া বিশ্বকাপ ক্রিকেটৰ সময়সূচী৷ অৱশ্যে প্রতিযোগিতাখনৰ আয়োজক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ইতিমধ্যে বিশ্বকাপত অংশগ্রহণ কৰা আটাইকেইখন দেশলৈ খচৰা সূচী প্রেৰণ কৰিছে৷ এই সূচী আই চি চিলৈও প্রেৰণ কৰিছে বি চি চি আয়ে৷ সেউজ সংকেত লাভ কৰাৰ পিছতে ঘোষণা কৰা হ’ব এদিনীয়া বিশ্বকাপৰ সময়সূচী৷ ক্রিকেট ৱেবছাইট ক্রিকইনফ’ই জনোৱা মতে ভাৰতে তেওঁলোকৰ গ্রুপ পর্যায়ৰ মেচ কেতিয়া আৰু ক’ত খেলিব, তাৰ তালিকা প্রস্তুত কৰিছে৷ তালিকা অনুসৰি ৮ অক্টোবৰত টীম ইণ্ডিয়াৰ প্রথমখন মেচ হ’ব অষ্ট্রেলিয়াৰ বিৰুদ্ধে৷ মেচখন চেন্নাইত অনুষ্ঠিত হ’ব৷ ১১ অক্টোবৰত দিল্লীত আফগানিস্তানৰে খেলাৰ বিপৰীতে ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তানৰ হাই ভ’ল্টেজ মেচখন৷ আনহাতে, ১৯ অক্টোবৰত পুনেত বাংলাদেশ, ২২ অক্টোবৰত ধর্মশালাত নিউজিলেণ্ড, ২৯ অক্টোবৰত লক্ষ্ণৌত ইংলেণ্ড, ২ নৱেম্বৰত মুম্বাইত কোৱালিফায়াৰ, ৫ নৱেম্বৰত কলকাতাত দক্ষিণ আফ্রিকা আৰু ১১ নৱেম্বৰত বেংগালুৰুত কোৱালিফায়াৰ খেলিব৷ ভাৰতৰ উপৰি পাকিস্তানে কেতিয়া ক’ত খেলিব, তাৰ খচৰা তালিকাও প্রস্তুত কৰা হৈছে৷

You might also like