নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে শৃংখলা খেলাৰ মন পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভাৰত–পাকিস্তানৰ ৰাজনৈতিক সংঘাতৰ অৱসান নঘটিলেও ক্রিকেটৰ পথাৰত ভাৰতৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰিব বিচাৰিছে পাকিস্তানে৷ বৃহৎ আর্থিক মুনাফাৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানে ভাৰতৰ সৈতে ক্রিকেট শৃংখলা খেলাৰ আগ্রহ প্রকাশ কৰিছে৷ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ মুৰব্বী ৰামিজ ৰাজাই এইক্ষেত্রত আগভাগ লৈছে৷ ভাৰতৰে শৃংখলা খেলি পাকিস্তান ক্রিকেট ব’ৰ্ডক আর্থিকভাৱে টনকিয়াল কৰাৰ লক্ষ্যৰে ৰামিজ ৰাজাই বি চি চি আইৰ সৈতে সম্পর্ক মধুৰ কৰাৰ মন মেলিছে৷ এই পৰিকল্পনাৰ অংশ হিচাপে পাকিস্তান ক্রিকেট ব’র্ডে অহা ১৯ মার্চত ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়ান ক্রিকেট কাউঞ্চিলৰ বৈঠকত বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব৷

পি চি বিৰ মুৰব্বী ৰামিজ ৰাজাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে ভাৰত–পাকিস্তান–অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক সাঙুৰি এখন চতুর্দেশীয় ক্রিকেট প্রতিযোগিতাৰ আয়োজন কৰিব বিচাৰিছে৷ বিশ্বৰ আগশাৰীৰ এই দলকেইটাৰ মাজত অনুষ্ঠিত প্রতিযোগিতাখনৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পৰা যাব আৰু এই ৰাজহৰ ভাগ আই চি চিৰ প্রতিখন সদস্য ৰাষ্ট্রই লাভ কৰিব৷ ‘এছিয়ান ক্রিকেট কাউঞ্চিলৰ বৈঠকত মই বিষয়টো সৌৰভ গাংগুলীৰ সন্মুখত উত্থাপন কৰিম৷ তেৱোঁ এগৰাকী প্রাক্তন ক্রিকেটাৰ হিচাপে ভাৰত–পাকিস্তানৰ ক্রিকেট সম্পর্ক স্বাভাৱিকতে উন্নত হোৱাটো বিচাৰিব৷ আমাৰ বাবে ক্রিকেটহে প্রধান, ৰাজনীতি নহয়৷ অৱশ্যে ভাৰতে পি চি বিৰ প্রস্তাৱ মানি নল’লেও আমি আন এক পৰিকল্পনা যুগুত কৰিছোঁ৷ এই অনুসৰি পাকিস্তান ক্রিকেট ব’র্ডে অষ্ট্রেলিয়া–ইংলেণ্ড আৰু পাকিস্তানৰ মাজত এখন ত্রিদেশীয় ক্রিকেট প্রতিযোগিতা প্রতি বছৰে আয়োজনৰ চিন্তা–চর্চা কৰিছো৷’ ৰামিজ ৰাজাই এইদৰে কয়৷

মন কৰিবলগীয়া যে সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানৰ কূটাঘাত অব্যাহত থকাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চিৰবৈৰী দেশখনৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলাৰ অনুমতি দিয়া নাই৷ বিগত প্রায় এটা দশক ধৰি দেশ দুখনৰ মাজত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই৷ অৱশ্যে সময়ে সময়ে আই চি চিৰ মেগা ইভেণ্টত চিৰবৈৰী দেশ দুখন পৰস্পৰৰ মুখামুখি হৈ আহিছে৷

You might also like