আফ্রিকাৰ ২২ গজত সিংহগর্জন ভাৰতৰ
🔹 অর্শদীপ–আবেশৰ বিধ্বংসী বলিং
🔹 প্রথম এদিনীয়াত সহজ বিজয় টীম ইণ্ডিয়াৰ
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : দক্ষিণ আফ্রিকাত সিংহগর্জনেৰে এদিনীয়া শৃংখলাত বিজয় অভিযান আৰম্ভ কৰিছে ভাৰতীয় দলে৷ আজি জোহান্সবার্গত অনুষ্ঠিত শৃংখলাৰ প্রথমখন মেচত ৰাহুল বাহিনী ৮ উইকেটত বিজয়ী হয়৷ প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাই অর্শদীপ সিং আৰু আবেশ খানৰ বিধ্বংসী বলিঙৰ বাবে মাত্র ১১৬ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ প্রত্যুত্তৰত ৰুতুৰাজ গাইকোৱাড আৰু শ্রেয়ছ আয়াৰৰ উইকেট হেৰুৱাই ১৬.৪ অভাৰতে ভাৰতে সহজ বিজয় সাব্যস্ত কৰে৷ বিশ্বকাপত ইডেন গার্ডেনত ভাৰতৰ বিৰুদ্ধে ৮২ ৰানতে অলআউট হৈছিল দক্ষিণ আফ্রিকা৷ সেই স্মৃতি উভতি আহিল এইখন মেচতো৷ ঘৰুৱা খেলপথাৰত টছত জয়লাভ কৰি প্রথমে বেটিং কৰা দক্ষিণ আফ্রিকাই ১১৬ ৰানতে ইনিংছ সামৰে৷ অর্শদীপে ৫টা আৰু আবেশ খানে দখল কৰে ৪টা উইকেট৷ এটা উইকেট লাভ কৰে কুলদীপ যাদৱে৷ আজি অত্যধিক আক্রমণাত্মক বেটিং কৰিবলৈ গৈ ৩ ৰানতে দুই উইকেট হেৰুওৱাৰ পিছত ঘৰুৱা দলটোৰ হৈ অ’পেনাৰ ট’নী ডি জর্জিয়ে ২৮ আৰু অধিনায়ক এডেন মার্কৰামে ১২ ৰানেৰে ইনিংছ গঢ়িবলৈ চেষ্টা কৰিলেও অধিনায়কগৰাকীৰ বিদায়ৰ পিছতে তাচপাতৰ দৰে খহি পৰে দক্ষিণ আফ্রিকাৰ ইনিংছ৷ ৭৩ ৰানতে দক্ষিণ আফ্রিকাই ৮টা উইকেট হেৰুওৱাৰ পিছত এনডিল ফেলুকাইয়ে ৩৩ ৰান কৰি দলক কোনোমতে ১০০ ৰানৰ গণ্ডী পাৰ কৰায়৷ ১১৭ ৰানৰ সহজ লক্ষ্য সন্মুখত লৈ ভাৰতে অ’পেনাৰ ৰুতুৰাজ গাইকোৱাড (৫), আয়াৰ (৫২)ৰ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে৷ অ’পেনাৰ ছাই সুদর্শনে ৪৩টা বলত অপৰাজিত ৫৫ ৰান সংগ্রহ কৰে৷