নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপৰ ফাইনেলত কাইলৈ ভাৰত-দক্ষিণ আফ্ৰিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুনঃ সেয়া ২০০৭ চনৰ কথা। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ইতিহাস ৰচিছিল টীম ইণ্ডিয়াই। আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেই কাইলৈ বাৰ্বাডোজত ফাইনেল খেলিব ভাৰতে। ১৭ বছৰৰ প্ৰতীক্ষাৰ অন্তত কাইলৈ ফাইনেল খেলিব ভাৰতে। ক্ৰমাগত দুটাকৈ ফাইনেলত প্ৰৱেশ কৰিছে ৰোহিত বাহিনীয়ে। যোৱা বছৰ সীমিত অভাৰৰ মেচত ভাৰতে অষ্ট্ৰেলিয়াৰে পৰাস্ত হোৱাৰ সেই দুখৰ সমাপ্তি নৌহওঁতেই কাইলৈ আকৌ ফাইনেল খেলিব টীম ইণ্ডিয়াই। সপোনক সাকাৰ কৰাৰ সুবৰ্ণ সুযোগ ভাৰতৰ হাতত। ২০২৪ চনৰ টি-২০ বিশ্বকাপত এতিয়াও এখনো মেচত পৰাস্ত হোৱা নাই ভাৰত আৰু দক্ষিণ আফ্ৰিকা। এতিয়া ২৯ জুনত বাৰ্বাডোজৰ কেনচিংটন অভেল ষ্টেডিয়ামত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব। এফালে দক্ষিণ আফ্ৰিকাই প্ৰথমখন বিশ্বকাপৰ ফাইনেল খেলিব, চ’কাৰৰ দাগ মচি পেলাব, আনফালে ভাৰতে ১০ বছৰৰ পাছত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দল দুটাৰ মুখামুখি হ’ব। ২০০৭ চনত ভাৰত টি-২০ বিশ্ব চেম্পিয়ন হৈছিল যদিও তাৰ পিছত এই দলটোৱে ১৭ বছৰ ধৰি চেম্পিয়ন হ’বলৈ অপেক্ষা কৰি আছে। বাৰ্বাডোজৰ কেনচিংটন অভেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলখন। ৱেষ্ট ইণ্ডিজৰ সময় অনুসৰি এই মেচখন পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব। ভাৰতত চোৱা লোকসকলে নিশা ৮ বজাৰ পৰা ফাইনেল মেচখন লাইভ চাব পাৰিব। টিভি দৰ্শকে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে লাইভ মেচ উপভোগ কৰিব পাৰিব। ডিজনী+ হটষ্টাৰতো মেচখনৰ লাইভ ষ্ট্ৰীম উপলব্ধ হ’ব।

You might also like