চেম্পিয়নছ ট্রফীত ৰাজকীয় বিজয়েৰে অভিযান আৰম্ভ ভাৰতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্রফীত বিজয়ৰে অভিযান আৰম্ভ কৰিছে ৰোহিত শর্মাৰ টীম ইণ্ডিয়াই৷ ডুবাইত খেলা নিজৰ প্রথমখন খেলত ভাৰতে বাংলাদেশক ৬ উইকেটত পৰাজিত কৰে৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ বাংলাদেশে ৪৯.৪ অভাৰত ২২৮ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত ভাৰতে ৪৬.৩ অভাৰত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷ অৱশ্যে পৰাজিত হ’লেও দর্শনীয় আৰু দৃঢ়তাপূর্ণ বেটিঙেৰে বাংলাদেশৰ অনুৰাগীৰ হৃদয় জয় কৰে তৌহিদ হৃদয় আৰু জাকেৰ আলীয়ে৷ মেচৰ আৰম্ভণিৰ পৰাই নিয়মীয়াভাৱে উইকেট হেৰুৱাই প্রবল চাপৰ সন্মুখীন হৈছিল বাংলাদেশ৷ প্রথম অভাৰতে আউট হয় অ’পেনাৰ সৌম্য সৰকাৰ৷ দ্বিতীয় অভাৰত পেভিলিয়নমুখী হয় অধিনায়ক নাজমূল হুছেইন শান্তো৷ ৭ অভাৰতে ভাৰতীয় পেচবলাৰে ৩টা উইকেট দখল কৰি বাংলাদেশক প্রৱল আঘাত হানে৷ নৱম অভাৰত দুটা উইকেট দখল কৰে অক্ষৰ পেটেলে৷ মাত্র ৩৫ ৰানতে ৫টা উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হয় বাংলাদেশ৷ ইয়াৰ পিছতে টাইগাৰ বাহিনীৰ ইনিংছ গঢ়াৰ দায়িত্ব লয় জাকেৰ আৰু হূদয়ে৷ ৰোহিত শর্মাই কেচ পেলোৱাৰ পিছত জাকেৰে ৬৮ ৰান কৰে৷ ইয়াৰ বিপৰীতে ১১৮টা বলত শতৰান অর্জন কৰি হূদয়ে বাংলাদেশক সন্মানজনক স্থিতিত উপনীত কৰায়৷ অৱশ্যে এই দুগৰাকী বেটাৰৰ বাহিৰে অন্য বেটাৰসকলে সম্পূর্ণৰূপে ব্যর্থ হয়৷ দুটা অংকৰ ৰান সংগ্রহ কৰে বাংলাদেশৰ মাত্র তিনিগৰাকী বেটাৰে৷ ছামীয়ে ৫টা উইকেট দখল কৰি বাংলাদেশক একপ্রকাৰ বিধ্বস্ত কৰে৷ হর্ষিত ৰানাই ৩টা আৰু অক্ষৰ পেটেলে ২টা উইকেট দখল কৰে৷ জয়লাভৰ বাবে লক্ষ্য সহজ হ’লেও ডুবাইৰ মন্থৰ উইকেটত ভাৰতীয় বেটাৰে কিছু সংগ্রাম কৰিবলগীয়া হয়৷ অধিনায়ক ৰোহিত শর্মাই ৪১ ৰান কৰি বিদায় লোৱাৰ পিছত আনগৰাকী অ’পেনাৰ শুভমন গিলে দর্শনীয় বেটিঙেৰে শতৰান অর্জন কৰে৷ গিলে ১২৯টা বল খেলি ৯টা চাৰি আৰু ২টা ছয় কোবাই ১০১ ৰানত অপৰাজিত হৈ ৰয়৷ অৱশ্যে বিৰাট কোহলিয়ে পুনৰ হতাশ কৰে অনুৰাগীক৷ তেওঁ ৩৮টা বল খেলি ২২ ৰানত আউট হয়৷ শ্রেয়াছ আয়াৰৰ বেটৰ পৰা আহে ১৫ৰান৷ অক্ষৰ পেটেলে ৮ ৰান কৰি পেভিলিয়নলৈ উভতি যোৱাৰ পিছত গিলৰ সৈতে দলক বিজয়লৈ আগুৱাই নিয়ে কেএল ৰাহুলে৷ উইকেটকীপাৰ বেটাৰগৰাকীয়ে ৪৭টা বলত ৪১ ৰান সংগ্রহ কৰে৷ এই দুগৰাকী বেটাৰৰ সুন্দৰ বেটিঙৰ সহায়ত ভাৰতে ৪৬.৩ অভাৰতে ২৩১ ৰান কৰি চেম্পিয়নছ ট্রফীত দলক বিজয় উপহাৰ দিয়ে৷