ভাৰত–বাংলাদেশৰ মেচত বৰষুণৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : টি–২০ বিশ্বকাপৰ আজি বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ জৰিয়তে জয়ৰ ধাৰালৈ উভতিব বিচাৰিছে টীম ইণ্ডিয়া৷ অৱশ্যে এডিলেইডত খেলিবলগীয়া মেচখনত ধাৰাসাৰ বৰষুণে বিধি–পথালি দিয়াৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ভাৰতে এই পর্যন্ত খেলা তিনিখন মেচৰ দুখনত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্রিকাৰ বিপক্ষে মেচখনত পৰাজিত হৈছে৷ ইয়াৰ বিপৰীতে নিজৰ প্রথম তিনিখন মেচত বাংলাদেশেও দুখনত জয়ী হৈছে আৰু এখনত পৰাজিত হৈছে৷ আজি মেচখনত বিজয়ী হোৱা দলটোৱে ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়িব৷
বতৰ বিজ্ঞানীসকলে জানিবলৈ দিয়ামতে মেচখনত বৰষুণ দিয়াৰ সম্ভাৱনা আছে ৬০ শতাংশ৷ তদুপৰি সন্ধিয়া ২০–৩০ কিলোমিটাৰ গতিবেগত বতাহ বলাৰো সম্ভাৱনা আছে৷ চলিত বিশ্বকাপত ইতিমধ্যে বতৰে চাৰিখনকৈ মেচত প্রভাৱ পেলাইছে৷ ইয়াৰে তিনিখন মেচেই পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হৈছে৷ ভাৰতীয় দলে বেয়া বতৰৰ বাবে ইনড’ৰত অনুশীলন কৰিবলগীয়া হয়৷ বাংলাদেশৰ বাবে এইখন মেচ যিমান গুৰুত্বপূর্ণ সিমানেই গুৰুত্বপূর্ণ ভাৰতৰ বাবেও৷ ইপিনে মেচখনৰ পূর্বে ভাৰতৰ মুখ্য প্রশিক্ষক দ্রাবিড়ে অ’পেনাৰ কে এল ৰাহুলৰ পক্ষ সমর্থন কৰি কয় যে প্রথম তিনিখন মেচত ব্যর্থ হ’লেও পৰৱর্তী মেচবোৰত তেওঁ ছন্দ বিচাৰি পাব বুলি আশাবাদী দল মেনেজমেণ্ট৷ অষ্ট্রেলিয়াৰ পিটচত প্রয়োজন হোৱা সকলো দক্ষতা ৰাহুলৰ আছে বুলিও দ্রাবিড়ে কয়৷ আনহাতে আজিৰ মেচখনত দীনেশ কার্তিকৰ স্থানত ঋষভ পণ্টে স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷
ইপিনে, বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে কয় ‘আমি ইয়াত বিশ্বকাপ জিকিবলৈ অহা নাই৷ ভাৰতক হৰুৱাব পাৰিলে সেয়া হ’ব অঘটন৷ আমাৰ বাবে প্রতিখন মেচেই গুৰুত্বপূর্ণ৷ ভাৰত বিশ্বকাপ জয়ৰ অন্যতম দাবীদাৰ৷ ভাৰতক যদি আমি হৰুৱাব পাৰোঁ সেয়া অঘটন হ’ব৷’ তেওঁ সূর্যকুমাৰ যাদৱৰো উষ্ম প্রশংসা কৰে৷ বিগত এবছৰ ধৰি সূর্যকুমাৰেই টি–২০ ক্রিকেটৰ শ্রেষ্ঠ বেটছমেন বুলি কয় ছাকিবে৷