নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়াত ইংলেণ্ডক হোৱাইটৱাছ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ১৪ বছৰৰ পিছত এদিনীয়া ক্রিকেটত ইংলেণ্ডক হোৱাইটৱাছ কৰিলে টীম ইণ্ডিয়াই৷ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ আহমেদাবাদত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন মেচতো ইংৰাজ বাহিনীক ১৪২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ মেচখনত বিজয় সাব্যস্ত কৰি ৰোহিত ব্রিগেডে ৩–০ত শৃংখলাটো হস্তগত কৰে৷ মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩৫৭ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতীয় দলটোৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত ইংৰাজ বাহিনীয়ে ৩৪.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২১৪ ৰানহে কৰিবলৈ সক্ষম হয়৷ দলটোৰ কোনো এজন বেটাৰে অর্ধশতকীয় ইংনিছ খেলিবলৈ সক্ষম নহ’ল৷ ট’ম বেণ্টন আৰু গাছ এটকিনছন উভয়ে সর্বাধিক ৩৮ ৰানৰ অৱদান আগবঢ়োৱাৰ বিপৰীতে বেন ডাকেটে ৩৪ আৰু জ’ ৰুটে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়৷ অ’পেনাৰ ফিল ছ’ল্ডে ২৩ ৰান কৰে৷ অধিনায়ক বাটলাৰে মাত্র ৬ ৰান কৰি পেভিলিয়নমুখী হয়৷ দলটোৰ পাঁচগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ টীম ইণ্ডিয়াৰ হৈ অর্শদীপ সিং, হর্ষিত ৰানা, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট লাভ কৰাৰ লগতে ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱ উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও শুভমন গিলৰ দর্শনীয় শতক, বিৰাট কোহলি আৰু শ্রেয়াছ আয়াৰৰ অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ৫০ অভাৰত ৩৫৬ ৰান কৰে৷ দলীয় স্ক’ৰ ৬ ৰানতে অধিনায়ক ৰোহিত শর্মাক হেৰুৱাই শ’লঠেকত পৰে ভাৰতে৷ ৰোহিতে মাত্র ১ ৰান কৰি বিদায় লয়৷ অৱশ্যে এদিনীয়া ক্রিকেটত সপ্তমটো শতক অর্জন কৰা গিলে কোহলিৰ সৈতে দ্বিতীয় উইকেটত ১২১ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ কোহলিয়ে ৫২ ৰান কৰি বিদায় লয় যদিও গিলে ১০২টা বলত ১৪টা চাৰি আৰু ৩টা ছয়েৰে ১১২ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ আউট হোৱাৰ পূর্বে গিলে শ্রেয়াছৰ সৈতে তৃতীয় উইকেটত ১০৪ ৰান সংগ্রহ কৰে৷ শ্রেয়াছে ৭৮ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ লোকেশ ৰাহুলে ২৯টা বলত ৪০ ৰান কৰি বিদায় লয়৷ ইংলেণ্ডৰ হৈ আদিল ৰছিদে সর্বাধিক ৪টা উইকেট লাভ কৰে৷ মেচখনৰ লগতে শৃংখলাৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় শুভমন গিল৷

You might also like