প্রস্তুতি মেচ অবিহনেই যুঁজত নামিব টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে বুধবাৰে সমাপ্তি ঘটিছে এদিনীয়া শৃংখলাৰ৷ ৩–০ ব্যৱধানত শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই৷ এইবাৰ দলটো নামিব চেম্পিয়নছ ট্রফীৰ যুঁজত৷ প্রতিযোগিতাখন আৰম্ভ হ’ব ১৯ ফেব্রুৱাৰীৰ পৰা৷ আইচিচিৰ যিকোনো প্রতিযোগিতাত নমাৰ পূর্বে অংশগ্রহণকাৰী দলসমূহে সাধাৰণতে প্রস্তুতি মেচত অৱতীর্ণ হয়৷ গ্রুপ পর্বত মুখামুখি হ’ব নলগা দলসমূহৰ বিৰুদ্ধে সাধাৰণতে প্রস্তুতি মেচত ভাগ লয়৷ কিন্তু চেম্পিয়নছ ট্রফীৰ পূর্বে ভাৰতৰ কোনো প্রস্তুতি মেচ নাই৷ দলটোৱে ২০ ফেব্রুৱাৰীত পোনে পোনে বাংলাদেশৰ বিৰুদ্ধে খেলিব৷ অৱশ্যে এইবাৰ কেইবাটাও দলে প্রস্তুতি মেচত অংশ নলয়৷ ইয়াৰ ভিতৰত আছে আয়োজক দেশ পাকিস্তান৷ ত্রিদেশীয় শৃংখলা খেলি আয়োজক দেশখনে প্রস্তুতি সম্পূর্ণ কৰিব৷ ইয়াৰ উপৰি অষ্ট্রেলিয়া আৰু ইংলেণ্ডকো প্রস্তুতি মেচত খেলা দেখা নাযাব৷ অর্থাৎ ৮টা দলৰ ভিতৰত চাৰিটা দলেই প্রস্তুতি মেচত ভাগ নলয়৷ আফগানিস্তান, দক্ষিণ আফ্রিকা, বাংলাদেশ আৰু নিউজিলেণ্ডে প্রস্তুতি মেচত অংশগ্রহণ কৰিব৷ পাকিস্তানে প্রস্তুতি মেচ নেখেলিলেও তিনিটা পাকিস্তান এ দল গঠন কৰিছে৷ তেওঁলোকে আফগানিস্তান, দক্ষিণ আফ্রিকা আৰু বাংলাদেশৰ বিৰুদ্ধে প্রস্তুতি মেচত অংশগ্রহণ কৰিব৷ ইয়াৰ উপৰি নিউজিলেণ্ড বনাম আফগানিস্তান মেচত অংশগ্রহণকাৰী দুই দেশে একমাত্র প্রস্তুতি মেচত নামিব৷ লাহোৰ, কৰাচী আৰু ডুবাইত আটাইকেইখন প্রস্তুতি মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ২০১০ চনৰ টি–২০ বিশ্বকাপৰ পিছত প্রথমবাৰৰ বাবে ভাৰতে কোনো আইচিচি প্রতিযোগিতা খেলাৰ পূর্বে প্রস্তুতি মেচ নেখেলে৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ আৰু যোৱা বছৰৰ টি–২০ বিশ্বকাপৰ পূর্বেও প্রস্তুতি মেচ খেলিছিল ভাৰতে৷ ঘোষণা কৰা প্রস্তুতি মেচৰ সূচী অনুসৰি, ১৪ ফেব্রুৱাৰীত পাকিস্তান ছাহিনছ আৰু আফগানিস্তানে লাহোৰত প্রস্তুতি মেচ খেলিছে৷ ১৬ ফেব্রুৱাৰীত কৰাচীত নিউজিলেণ্ড আফগানিস্তানৰ মুখামুখি হ’ব৷ আনহাতে, ১৭ ফেব্রুৱাৰীত পাকিস্তান ছাহিনছে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রস্তুতি মেচ খেলিব৷ এই মেচখনো কৰাচীত অনুষ্ঠিত হ’ব৷ ১৭ ফেব্রুৱাৰীত বাংলাদেশ আৰু পাকিস্তান ছাহিনছে ডুবাইত খেলিব৷