নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি–২০ খেলিব টীম ইণ্ডিয়াই

টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি টেষ্টৰ সংখ্যা হ্রাসঃ গাংগুলী

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ভাৰতত অহা বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰত আৰু ইংলেণ্ডৰ আগন্তুক টি–২০ শৃংখলাৰ মেচৰ সংখ্যা ৫খনলৈ বৃদ্ধি কৰা হৈছে৷ টেষ্ট মেচৰ সংখ্যা ৫খনৰ পৰা ৪খনলৈ হ্রাস কৰি অতিৰিক্ত দুখন টি–২০ মেচ সংযোজিত কৰা হৈছে বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে আজি ঘোষণা কৰে৷ এক ভার্চুৱেল সংবাদ মেলত তেওঁ কয় যে আগন্তুক বর্ষৰ আৰম্ভণিতে ইংলেণ্ডে চাৰিখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচৰ সূচী লৈ ভাৰত ভ্রমণ কৰিব৷ মুম্বাই আৰু দিল্লীত শেহতীয়াকৈ ক’ভিড–১৯ৰ দ্বিতীয়টো ঢ়ৌৱে পুনৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে শৃংখলাটো আয়োজন কৰাৰ ক্ষেত্রত যথেষ্ট সাৱধানতাৰে আগবাঢ়িব বুলিও গাংগুলীয়ে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে পূর্বনির্ধাৰিত সূচী অনুসৰি ইংলেণ্ডে তিনিখন টি–২০ আৰু তিনিখন এদিনীয়া মেচৰ সূচী লৈ ছেপ্ঢেম্বৰত ভাৰত ভ্রমণলৈ অহাৰ কথা আছিল যদিও ক’ভিড–১৯ৰ সংক্রমণৰ বাবে এই শৃংখলা স্থগিত হয়৷ পৰৱর্তী সময়ত বি চি চি আই আৰু ইংলেণ্ড ক্রিকেট ব’র্ডে শৃংখলাটো আগন্তুক বর্ষৰ ফেব্রুৱাৰী–মার্চত আয়োজনৰ সিদ্ধান্ত লয়৷ ইফালে, মহামাৰীৰ বাবে স্থগিত হৈ থকা চলিত বর্ষৰ ৰঞ্জি ট্রফী ২০২১ৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি গাংগুলীয়ে আশা প্রকাশ কৰিছে৷

You might also like