নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রত্যাহ্বানলৈ সাজু অষ্ট্রেলিয়া

বুমৰাহ, ছামিক প্রশংসা ঘৰুৱা দলৰ প্রশিক্ষক লেংগাৰৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু হৈছে অষ্ট্রেলিয়া৷ শৃংখলাৰ প্রস্তুতি সন্দর্ভত আজি এইদৰে কয় ঘৰুৱা দলটোৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে৷ এক ভার্চুৱেল সংবাদ মেলত তেওঁ কয় যে যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিৰ দৰে বিশ্বমানৰ বলাৰৰ সন্মুখীন হ’বলৈ ঘৰুৱা দলটোৰ বেটছমেনসকল কঠোৰ পৰিশ্রমেৰে সাজু হৈ উঠিছে৷ বিগত সময়ছোৱাত বুমৰাহ আৰু ছামিয়ে আন্তঃৰাষ্ট্রীয় ক্রিকেটত দুর্দান্ত বলিঙেৰে প্রতিপক্ষক বিপদত পেলোৱা বুলি স্বীকাৰ কৰি অষ্ট্রেলিয়াৰ প্রশিক্ষকগৰাকীয়ে কয় যে ভাৰতীয় বলিং আক্রমণক তেওঁলোকে যথেষ্ট সন্মান কৰে৷ অৱশ্যে আই পি এলত পৰস্পৰৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতাই অষ্ট্রেলিয়ান বেটছমেনৰ আশংকা কিছু পৰিমাণে দূৰ কৰিছে বুলিও লেংগাৰে উল্লেখ কৰে৷ ‘আমাৰ বেটছমেনসকলে ভালদৰে জানে যে ভাৰতৰ সৈতে কেইবাগৰাকীও বিশ্বমানৰ বেগী বলাৰ আছে৷ সেই অনুসৰি আমাৰ বেটছমেনে কঠোৰ পৰিশ্রম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে৷ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিৰ যুটি যিকোনো দলৰ বাবে ঘাতক হৈ পৰিব পাৰে৷ তেওঁলোকক আমি সাৱধানেৰে খেলিব লাগিব৷’ ৫০ বছৰীয়া লেংগাৰে এইদৰে কয়৷ মন কৰিবলগীয়া যে ছিডনীত অহা ২৭ নৱেম্বৰত এদিনীয়া শৃংখলাৰে ভাৰতৰ অষ্ট্রেলিয়া ভ্রমণৰ আৰম্ভণি ঘটিব৷ ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে বিগত শৃংখলাত আঘাতৰ বাবে অংশ ল’ব নোৱৰা ষ্টিভেন স্মিথে প্রথম এদিনীয়াত প্রত্যাৱর্তন ঘটাব বুলিও অষ্ট্রেলিয়াৰ প্রশিক্ষকগৰাকীয়ে জানিবলৈ দিছে৷ লেংগাৰে আশা প্রকাশ কৰে যে মিচেল ষ্টার্ক, পেট কামিনছ, জেমছ পেটিনছন, জ’ছ হেজলউড আদিৰ দৰে তাৰকাৰে সমৃদ্ধ অষ্ট্রেলিয়াৰ বেগী বলিং আক্রমণে ভাৰতৰ শক্তিশালী বেটিং লাইনআপক তীব্র প্রত্যাহ্বান আগবঢ়াবলৈ সক্ষম হ’ব৷ শৃংখলাটোত ভাৰতে তিনিখন এদিনীয়া, তিনিখন টি–২০ আৰু চাৰিখন টেষ্ট মেচ খেলিব

You might also like