নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতেই দখল কৰিব বিশ্বকাপ !

🔹 ২৪ ঘণ্টা পূর্বেই জনালে জ্যোতিষীয়ে

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’ব লগা বিশ্বকাপৰ ফাইনেল ৷ এনে পৰিস্থিতিত কোনটো দলে বিশ্বকাপ জয় কৰিব সেই কথা মেচৰ ২৪ ঘণ্টা পূর্বেই জনা গ’ল৷ ভাৰত আৰু অষ্ট্রেলিয়াৰ ক্রিকেটাৰসকলৰ ভাগ্য নির্ধাৰণ কৰি জ্যোতিষীয়ে জনাইছে যে ভাৰতৰ ট্রফী জয়ৰ সম্ভাৱনা অধিক৷ তাৰ কাৰণ হিচাপে কোৱা হৈছে যে ভাৰতীয় ক্রিকেটাৰসকলৰ গ্রহ–নক্ষত্রৰ অৱস্থান যথেষ্ট শক্তিশালী৷ ভাৰতক আটাইতকৈ বেছি সুবিধা কৰি দিছে অধিনায়ক ৰোহিত শর্মাই৷ তেওঁৰ গ্রহ–নক্ষত্রৰ অৱস্থান বহুখিনি ২০১১ চনৰ বিশ্বকাপত মহেন্দ্র সিং ধোনীৰ নিচিনা৷ আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ৰোহিতৰ ট্রফী জয়ৰ সম্ভাৱনা অধিক৷ শুভমন গিল, কোহলি, শ্রেয়াছ, ৰাহুল, ছামি আৰু বুমৰাহৰ শুক্র, ইউৰেনাছ আৰু নেপচুনৰ অৱস্থান যথেষ্ট ভাল৷ কেৱল দলটোৰ বেছিভাগ ক্রিকেটাৰৰ মংগলৰ অৱস্থানত কিছু সমস্যা আছে৷ ফলত ক্রিকেটাৰসকলে ফিটনেছৰ দিশে দৃষ্টি ৰাখিব লাগিব৷ অষ্ট্রেলিয়ান অধিনায়ক পেট কামিনছৰো গ্রহ–নক্ষত্রৰ অৱস্থান শক্তিশালী৷ কিন্তু তেওঁৰ সেই শক্তি ৰোহিততকৈ কম৷ অষ্ট্রেলিয়ান ক্রিকেটাৰৰ ভিতৰত ট্রেভিছ হেড, মিচেল মার্শ্ব, আডাম জাম্পা, ষ্টার্ক আৰু লাবুছানেই ভাৰতক সমস্যাত পেলাব পাৰে৷ কিন্তু সকলো পৰিস্থিতিৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব ৰোহিতে৷

You might also like