দীপাৱলীত দেশবাসীক বিজয় উপহাৰ টীম ইণ্ডিয়াৰঃ মেলবৰ্নত ধৰাসায়ী পাকিস্তান
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: দীপাৱলী উপলক্ষে টীম ইণ্ডিয়াই সমগ্ৰ দেশবাসীক দিলে বিজয় উপহাৰ। টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলতেই ভাৰতে পাকিস্তানক ৪টা উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে ১৬০ ৰানৰ লক্ষ্য বান্ধি দিছিল টীম ইণ্ডিয়াক। ইয়াৰ প্ৰত্যুত্তৰত শেষ অভাৰৰ শেষৰটো বলত ভাৰতে এই লক্ষ্যত উপনীত হয়। বিৰাট কোহলীৰ ৮২ ৰানৰ ধুমুহাময় অপৰাজিত ইনিংছত একপ্ৰকাৰৰ দিশহাৰা হৈ পৰে পাক বলাৰসকল।
উল্লেখ্য যে পাকিস্তানৰ দৰে ভাৰতৰো আৰম্ভণি যথেষ্ট বেয়া আছিল। অতি কম সময়তেই ভাৰতীয় দলে প্ৰথম ৪টা উইকেট হেৰুৱাইছিল। কিন্তু কোহলী আৰু হার্দিক পাণ্ডিয়াই নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে টীম ইণ্ডিয়াক বিজয়ত উপনীত কৰে ৷ কোহলীয়ে ৫৩টা বলত অপৰাজিত ৮২ ৰান সংগ্ৰহ কৰে, য’ত আছিল ৬টা চাৰি আৰু ৪টা ছিক্স। আনহাতে পাণ্ডিয়াই ৩৭টা বলত ৪০ ৰান সংগ্ৰহ কৰে। তেওঁ ২টা ছয় আৰু এটা চাৰিৰে বৰঙণি আগবঢ়ায়।
ইফালে ভাৰতৰ হৈ অতি সুন্দৰ বলিং কৰি অৰ্শদীপ সিং আৰু হাৰ্দিক পাণ্ডিয়াই ৩ টাকৈ উইকেট দখল কৰে। ৪ অভাৰত অৰ্শদীপে ৩২ ৰান দিয়ে। ৪ অভাৰত হাৰ্দিকে ৩০ ৰান দিয়ে। লগতে ৪ অভাৰত ২৫ দি ১টা উইকেট দখল কৰে মহম্মদ ছামীয়ে। ইপিনে ৪ অভাৰত ২২ ৰানত ১টা উইকেট দখল কৰে ভুৱনেশ্বৰ কুমাৰে।