ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত ব্ৰঞ্জৰ পদক ভাৰতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ আগষ্টঃ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক মেচত স্পেইনক ২-১ গ’লত পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছে টীম ইণ্ডিয়াই। ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ভাৰতে ব্ৰঞ্জৰ পদক দখল কৰিছিল। যোৱা ৫২ বছৰৰ ভিতৰত ভাৰতে একেৰাহে দুখন অলিম্পিক গেমছত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। স্পেইনৰ বিৰুদ্ধে খেলখনৰ কথা কওঁতে অধিনায়ক হৰমনপ্ৰীত সিঙে ভাৰতৰ হৈ দুয়োটা গ’ল দিয়ে। তেওঁ দুবাৰকৈ পেনাল্টী কৰ্ণাৰক গ’ললৈ ৰূপান্তৰিত কৰে। ১৯৭২ চনৰ পিছত ভাৰতীয় হকী দলে একেৰাহে দুটাকৈ অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হৈছে। টীম ইণ্ডিয়াই টকিঅ’ অলিম্পিক আৰু পেৰিছ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ১৯৫০, ১৯৬০, ১৯৭০ৰ দশকতো ভাৰতে হকীত আধিপত্য বিস্তাৰ কৰিছিল। আচলতে ভাৰতীয় হকী দলটোৱে ১৯৪৮ চনৰ অলিম্পিক গেমছৰ পৰাই অবিৰতভাৱে পদক লাভ কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৪৮ চনৰ পিছত টীম ইণ্ডিয়াই নিশ্চিতভাৱে ১৯৭২ চনলৈকে হকীত কিছু পদক লাভ কৰিছিল। অৰ্থাৎ একেৰাহে ৭খন অলিম্পিক গেমছত হকী পদক লাভ কৰাৰ অভিলেখো ভাৰতৰ আছে। ১৯৪৮ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত ভাৰতে হকীত ৩টা সোণ, ৩টা ব্ৰঞ্জ আৰু এটা ৰূপৰ পদক লাভ কৰে। অলিম্পিক গেমছৰ কথা ক’বলৈ গ’লে ভাৰতে সৰ্বাধিক সফলতা লাভ কৰিছে কেৱল হকীত। ২০২৪ চনত ভাৰতীয় হকী দলটোৱে ত্ৰয়োদশ অলিম্পিক পদক লাভ কৰিছে। ইয়াৰ পিছত আহে শ্বুটিং, য’ত ভাৰতে ৭টা অলিম্পিক পদক লাভ কৰিছে। একে সময়তে ভাৰতৰ অলিম্পিকৰ অধিকাংশ স্বৰ্ণ পদক হকীতো আহিছে। এই খেলখনত আজিলৈকে মুঠ ৮বাৰকৈ স্বৰ্ণ পদক লাভ কৰিছে টীম ইণ্ডিয়াই।