দুর্দান্ত জয়েৰে শৃংখলা দখল ভাৰতৰ; ৩৬ ৰানত পৰাস্ত ইংলেণ্ড
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত টীম ইণ্ডিয়াই নির্ণায়ক টি–২০ত দুর্দান্ত জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত শ্রেষ্ঠত্ব অর্জন কৰিছে৷
আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত পঞ্চম তথা নির্ণায়ক টি–২০ত ঘৰুৱা দলটোৱে ইংলেণ্ডক ৩৬ ৰানত হৰুৱায়৷ ২২৫ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত আঠ উইকেটৰ বিনিময়ত ১৮৮ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷
আলহী দলটোৰ হৈ ডেৱিদ মালানে ৪৬ বলত ৯টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৬৮ ৰানৰ আক্রমণাত্মক ইনিংছ খেলে৷ জ’ছ বাটলাৰে ৩৪ বলত দুটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰেৰে ৫২ ৰানৰ অৰিহণা আগবঢ়ায়৷
ভাৰতৰ হৈ ছার্দুল ঠাকুৰে তিনিটা, ভুবনেশ্বৰ কুমাৰে দুটা, হার্দিক পাণ্ডিয়া আৰু টি নটৰাজনে এটাকৈ উইকেট পায়৷ এই জয়েৰে ভাৰতে পাঁচখন মেচৰ শৃংখলাটো ৩–২ৰ ব্যৱধানত দখল কৰে৷
ইয়াৰ পূর্বে ইংলেণ্ডৰ আমন্ত্রণক্রমে ভাৰতে ইনিংছ মুকলি কৰি নির্ধাৰিত ২০ অভাৰত দুই উইকেটৰ বিনিময়ত ২২৪ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ অ’পেনাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে বিস্ফোৰক বেটিঙেৰে প্রথম উইকেটত ৯৪ ৰান যোগ দি ঘৰুৱা দলটোক সুন্দৰ আৰম্ভণি দিয়ে৷
ইনিংছ মুকলি কৰিবলৈ অহা অধিনায়ক কোহলিয়ে মাত্র ৫২ বলত সাতটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৮০ ৰানৰ অনবদ্য ইনিংছ খেলে৷ ৰোহিতে ৩৪ বলৰ সন্মুখীন হৈ চাৰিটা বাউণ্ডেৰী আৰু পাঁচটা ছিক্সাৰেৰে ৬৪ ৰান সংগ্রহ কৰে৷ সূর্য কুমাৰ যাদৱে ১৭টা বলত তিনিটা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰীৰে ৩২ ৰানত আউট হয়৷ হার্দিক পাণ্ডিয়াই ১৭টা বলত ৩৯ ৰানত অপৰাজিত হৈ ৰয়৷