নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত ডট্টট্রেয় হোছাবলে

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ  বিজেপিৰ আদর্শ গুৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছে ডট্টট্রেয় হোছাবলে৷ বর্তমান সংগঠনটোৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে কার্যনির্বাহ কৰি থকা ডট্টট্রেয়ক সংগঠনটোৰ সিদ্ধান্ত গ্রহণকাৰী শীর্ষ কমিটী অখিল ভাৰতীয় প্রতিনিধি সভাৰ বার্ষিক অধিৱেশনত নির্বাচন কৰা হয়৷

উল্লেখ্য যে ৭৩ বছৰীয়া ভাইয়াজী যোশীৰ কার্যকাল অহা এপ্রিলত অন্ত পৰিব৷ সাধাৰণ সম্পাদকৰ কার্যকাল তিনি বছৰীয়া যদিও যোশীয়ে চাৰিটা কার্যকাল অর্থাৎ ১২ বছৰ ধৰি সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে৷ কর্ণাটকৰ শিৱাম’গাত জন্মলাভ কৰা হোছাবলে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্রীধাৰী৷ ১৯৬৮ চনত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদত অংশগ্রহণ কৰি পাছলৈ আৰ এছ এছৰ সংগঠক হিচাপে কাম কৰে আৰু ২০০৯ চনৰ পৰা সংগঠনটোৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব গ্রহণ কৰি আছে ৬৩ বছৰীয়া হোছাবলেই৷

You might also like