সাংসদ প্রিয়াৰে বাগদান সম্পন্ন ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ
নিউজ ডেস্ক, ১৮ জানুৱাৰী : নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটাৰ ৰিংকু সিঙে৷ সমাজবাদী পার্টীৰ সাংসদ প্রিয়া সৰোজৰ সৈতে বাগদান সম্পন্ন হয় ৰিংকু সিঙৰ৷ অৱশ্যে এই সন্দর্ভত প্রিয়াৰ লগতে ৰিংকু সিঙে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই৷ তিনিবাৰৰ সাংসদ টুফানী সৰোজৰ কন্যা ২৬ বছৰীয়া প্রিয়া সৰোজ উত্তৰ প্রদেশৰ মাছলিচহৰ সমষ্টিৰ পৰা প্রথমবাৰৰ বাবে সাংসদ ৰূপে নির্বাচিত হয়৷ লোকসভালৈ নির্বাচিত হোৱা দ্বিতীয় কনিষ্ঠ প্রার্থী হিচাপে বিবেচিত হয় প্রিয়া সৰোজ৷ এতিয়াও আনুষ্ঠানিক ঘোষণা নকৰা ৰিংকু–প্রিয়াই। অতি সোনকালে ৰিংকু–প্রিয়াই বিবাহপাশত আবদ্ধ হোৱাৰ সম্ভাৱনা আছে৷