নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অলিম্পিক দলক সম্বর্ধনা ৰাষ্ট্রপতি কোৱিন্দৰ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  অলিম্পিকৰ ইতিহাসত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰা ভাৰতীয় দলটোক শনিবাৰে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে সাক্ষাৎ কৰে৷ টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা খেলুৱৈসকলৰ বাবে আয়োজন কৰা চাহমেলত ৰাষ্ট্রপতি কোৱিন্দে কয় যে ভাৰতৰ অলিম্পিক দলক লৈ সমগ্র দেশবাসী শনিবাৰে গৌৰৱান্বিত৷

ৰাষ্ট্রপতি ভৱনৰ সাংস্কৃতিক কেন্দ্রত আয়োজিত এই চাহমেলত ভাৰতীয় দলৰ সৈতে অসম কন্যা লাভলীনা বৰগোহাঁয়েও ভাগ লয়৷ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা উদীয়মান বক্সাৰগৰাকীয়ে এই অনুষ্ঠানৰ বাবে কালি গৃহভূমি অসমৰ পৰা দিল্লীলৈ উভতি গৈছিল৷

শনিবাৰে ৰাষ্ট্রপতিক সাক্ষাতৰ পিছত ভাৰতীয় অলিম্পিক দলটোৱে কাইলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমন্ত্রণমর্মে লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব৷

উল্লেখ্য যে ভাৰতে এইবাৰ টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ অভিলেখসংখ্যক সাতটা পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই সোণৰ পদক অর্জন কৰাৰ লগতে মল্লযুঁজাৰু ৰবি দাহিয়া আৰু ভাৰোত্তোলক মীৰাবাঈ চানুৱে মেগা ইভেণ্টখনত ৰূপৰ পদক অর্জন কৰিছিল৷ একেদৰে মল্লযুঁজাৰু বজৰং পুনিয়া, বক্সাৰ লাভলীনা বৰগোহাঁই, শ্বাটলাৰ পি ভি সিন্ধু আৰু ভাৰতীয় পুৰুষ হকী দলটোৱে ব্রঞ্জৰ পদক লাভ কৰে৷

You might also like