নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্তন হ’ব ভাৰতীয় ক্রিকেটাৰৰ মজুৰি!

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে সৃষ্টি হোৱা অর্থনৈতিক মন্দাৱস্থাৰ সময়ছোৱাত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দেশৰ ক্রিকেটাৰ আৰু বিষয়ববীয়াৰ দৰমহা কর্তনৰ পৰা বিৰত আছিল৷ কিন্তু শেহতীয়াকৈ ব’র্ডে বিষয়টো নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে৷ ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই এই সন্দর্ভত প্রকাশ কৰা অনুসৰি অর্থনৈতিক মন্থৰতাৰ পৰা উদ্ধাৰ পাবলৈ বি চি চি আয়ে এতিয়া আই পি এলৰ সফল আয়োজনৰ ওপৰত নির্ভৰ কৰিছে৷ ‘খেলুৱৈৰ দৰমহা কর্তন অথবা বিষয়ববীয়াক কর্তব্যৰ পৰা অব্যাহতি দিয়াৰ বিষয়টো আমি পৰৱর্তী বৈঠকত আলোচনা কৰিম৷ অর্থনৈতিক মন্থৰতাই বি চি চি আইক কিদৰে প্রভাৱিত কৰিছে সেয়া আমি বিস্তৃতভাৱে আলোচনা কৰাৰ অন্তত এক সিদ্ধান্তত উপনীত হ’ব পাৰিম৷

অৱশ্যে খেলুৱৈৰ দৰমহা কর্তন অথবা বিষয়ববীয়াক কর্তব্যৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা নথকা নহয়৷ সকলোখিনি নির্ভৰ কৰিব আই পি এলৰ সফলতাৰ ওপৰত৷ শেহতীয়াকৈ আই পি এলৰ টাইটেল স্পনছ’ৰশ্বিপৰ পৰা ভিভ’ কোম্পানীয়ে নাম প্রত্যাহাৰ কৰাত ব’ড কিছু ক্ষতিৰ সন্মুখীন হৈছে৷ এই সকলো ক্ষতি লাঘৱ কৰিবলৈ ব’র্ডে উচিত কার্যব্যৱস্থা গ্রহণ কৰিব লাগিব৷’ বিষয়াগৰাকীয়ে এইদৰে কয়৷ উল্লেখ্য যে ভাৰত আৰু চীনৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত চাইনীজ ম’বাইল নির্মাণ কোম্পানী ভিভ’ৱে চলিত বর্ষৰ আই পি এলৰ টাইটেল স্পনছ’ৰশ্বিপৰ পৰা নাম প্রত্যাহাৰ কৰে৷ ইয়াৰ বিকল্প হিচাপে বি চি চি আয়ে ড্রীম ইলেভেনক বাছনি কৰিছে যদিও ভিভ’ৰ পৰা লাভ কৰা ধনৰ তুলনাত সেয়া যথেষ্ট কম৷

ভিভ’ৰ পৰা ব’র্ডে বছৰি ৪৪০ কোটি লাভ কৰিছিল৷ কিন্তু ড্রীম ইলেভেনৰ পৰা বি চি চি আয়ে চলিত বর্ষৰ আই পি এলৰ টাইটেল স্পনছ’ৰশ্বিপৰ বিনিময়ত মাত্র ২২২ কোটি টকাহে উপার্জন কৰিবলৈ সক্ষম হ’ব৷ এনে প্রেক্ষাপটত অনাগত দিনত ভাৰতীয় খেলুৱৈৰ মজুৰি কর্তনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে৷ ইতিমধ্যে অষ্ট্রেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ড ক্রিকেট ব’র্ডে তেওঁলোকৰ খেলুৱৈসকলৰ দৰমহা কর্তন কৰি আর্থিক মন্দাৱস্থাৰ পৰা সকাহ লাভৰ চেষ্টা চলাইছে৷

You might also like