নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাৰে আজি অন্তিম লীগ মেচ ভাৰতৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জুনঃ ইতিমধ্যে চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত স্থান সুৰক্ষিত কৰা ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই আজি গ্রুপ এৰ অন্তিমখন লীগ মেচত ভাগ ল’ব৷ এই অন্তিমখন লীগ মেচৰ প্রতিদ্বন্দ্বী হ’ল কানাডা৷ অৱশ্যে ভাৰত আৰু কানাডাৰ এই মেচখনত হেঙাৰস্বৰূপে থিয় দিব পাৰে বৰুণ দেৱতা৷ ইতিমধ্যে ফ্ল’ৰিডাত ১১ জুনৰ পৰা প্রবল বৰষুণ হৈ আছে৷ ধাৰাসাৰ বৰষুণৰ ফলত ফ্ল’ৰিডাত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ফ্ল’ৰিডাৰ অধিকসংখ্যক পথ পানীৰে ভৰি পৰিছে৷ তাৰ মাজতে বেয়া বতৰৰ বাবে মিয়ামিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে৷ ল’ডাৰহিলত অৱস্থিত চেণ্ড্রেল ব্র’ৱার্ড ৰিজিঅ’নেল পার্ক ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু কানাডাৰ মাজত মেচখন অনুষ্ঠিত হ’ব৷ অৱশ্যে বতৰৰ আগজাননী মতে, মেচখনত বৰষুণে বিধি–পথালি দিয়াৰ অধিক সম্ভাৱনা আছে৷ ফলস্বৰূপে মেচখন পৰিত্যক্ত হোৱাৰ আশংকাই দেখা দিছে৷ এই মেচখন পৰিত্যক্ত হ’লেও ভাৰতীয় দলটো বিশেষ সমস্যাৰ সন্মুখীন নহ’ব৷ কাৰণ ৰোহিত শর্মা বাহিনীয়ে ইতিমধ্যে লীগৰ প্রথম তিনিওখন মেচতে জয়লাভ কৰি চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত স্থান নিশ্চিত কৰিছে৷ বিপৰীতে কানাডাই প্রতিযোগিতাখনৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰিছে৷ কাৰণ কানাডাই এতিয়ালৈকে তিনিখন মেচ খেলি মাত্র এখনত জয়লাভ কৰি দুই পইণ্টেৰে পইণ্ট তালিকাৰ চতুর্থ স্থানত আছে৷ ইফালে ফ্ল’ৰিডাত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে ভাৰতীয় দলটোৱে কালি অনুশীলন কৰাৰ পৰা বিৰত থাকে৷ নেৰানেপেৰা বৰষুণৰ বাবে ভাৰতীয় দলটোৱে অনুশীলন বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কানাডাৰে খেলিবলগীয়া মেচখন বাতিল হ’লে ভাৰতীয় দলটো কিছু সমস্যাৰ সন্মুখীন হ’ব৷ কাৰণ চলিত প্রতিযোগিতাখনত তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্বল ফর্মে দলটোক কিছু চাপত ৰাখিছে৷ কোহলিয়ে বিগত তিনিখন মেচত মাত্র ৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ খেলা লীগৰ অন্তিমখন মেচত কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হৈছিল কোহলি৷ ছুপাৰ এইটৰ পূর্বে কানাডাৰে খেলিবলগীয়া মেচখনত নিজৰ হেৰুওৱা ফর্ম উদ্ধাৰ কৰাৰ বাবে কোহলিয়ে এক সুযোগ লাভ কৰিছিল যদিও বৰষুণে মেচখন পণ্ড কৰাৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে ছুপাৰ এইটৰ মেচত ভাগ লোৱাৰ উদ্দেশ্যে মেচখনৰ পিছতে আমেৰিকাৰ পৰা ৱেষ্ট ইণ্ডিজলৈ ৰাওনা হ’ব ভাৰতীয় ক্রিকেট দলটোৱে৷

You might also like