প্রথম এদিনীয়াত বৃহৎ জয় ভাৰতৰ; অভিষেকতে উজলিল প্রসিদ্ধ, ক্রুনাল
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰাখিছে৷ টেষ্ট আৰু টি–২০ শৃংখলাত চমকপ্রদ জয় সাব্যস্ত কৰাৰ পিছত বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে মঙলবাৰে বৃহৎ জয়েৰে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰিছে৷ পুনেৰ এম চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিবা–নৈশ মেচখনত ঘৰুৱা দলটোৱে ইংলেণ্ডক ৬৬ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ৩১৮ ৰানৰ লক্ষ্যৰ পিছ লৈ আলহী দল ইংলেণ্ডে মাত্র ২৫১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ দলটোৰ হৈ অ’পেনাৰ জ’নী বিয়েৰষ্ট’ই সর্বাধিক ৯৪ আৰু জেছন ৰয়ে ৪৬ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ আন বেটছমেনসকল সম্পূর্ণৰূপে ব্যর্থ হোৱাত ইংলেণ্ডৰ বাবে জয়ৰ লক্ষ্য অতিক্রম কৰাটো অসম্ভৱ হৈ পৰে৷ বেন ষ্ট’কছ ১, ইয়ন মৰগান ২২, জ’ছ বাটলাৰ ২, ছেম বিলিংছ ১৮, মঈন আলী ৩০, ছেম কৰন ১২ আৰু টম কৰন ১১ ৰানতে আউট হয়৷
ভাৰতৰ নৱাগত বেগী বলাৰ প্রসিদ্ধ কৃষ্ণই ৫৪ ৰান ব্যয় কৰি চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ কর্ণাটকৰ খেলুৱৈগৰাকীয়ে আজি এদিনীয়া অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে৷ শার্দূল ঠাকুৰে ৩৭ ৰানত তিনিটা, ভুবনেশ্বৰ কুমাৰে ৩০ ৰানত দুটা আৰু ক্রুনাল পাণ্ডিয়াই ৫৯ ৰানত এটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে ইংলেণ্ডৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ভাৰতে নির্ধাৰিত ৫০ অ’ভাৰত ৫ উইকেট হেৰুৱাই ৩১৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনে ৯৮ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ দীর্ঘদিনৰ বিৰতিত স্বাভাৱিক ছন্দলৈ উভতি অহা বেটছমেনগৰাকীয়ে ১০৬টা বলৰ সন্মুখীন হৈ ১১টা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়৷ অ’পেনাৰ ৰোহিত ২৮ ৰানত আউট হয়৷ তেওঁলোকে প্রথম উইকেটত ৬৪ ৰান যোগ দি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে৷ অধিনায়ক বিৰাট কোহলিয়ে দায়িত্বপূর্ণ বেটিঙেৰে ৫৬ ৰান সংগ্রহ কৰে৷ তেওঁ ৬০টা বলত ৬টা বাউণ্ডেৰী কোবায়৷
অৱশ্যে মিডল অর্ডাৰত শ্রেয়াছ আয়াৰ আৰু হার্দিক পাণ্ডিয়া ব্যর্থ হয়৷ শ্রেয়াছে ৬ আৰু হার্দিকে ১ ৰান কৰি পেভিলিয়নমুখী হয়৷ এটা সময়ত ভাৰতে ২০৫ ৰানৰ ভিতৰত আগশাৰীৰ পাঁচগৰাকীকৈ বেটছমেনৰ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও লোকেশ ৰাহুলে ৬২ আৰু ক্রুনাল পাণ্ডিয়াই ৫৮ ৰানৰ আক্রমণাত্মক ইনিংছ খেলি ভাৰতক বৃহৎ স্ক’ৰৰ দিশে লৈ যায়৷ ৰাহুলে ৪৩ বলত চাৰিটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ কোবায়৷ ক্রুনালে ৩১টা বলত সাতটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়৷