নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াক হৰুৱাই এছিয়া কাপত চেম্পিয়ন ভাৰতীয় জুনিয়ৰ মহিলা দল

বিশেষ বাৰ্তা, ১২ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় ক্রিকেট দল অষ্ট্রেলিয়াৰ হাতত পৰাজিত হোৱাৰ সময়তে ভাৰতীয় হকীত এটি স্বর্ণ দিনৰ সূচনা কৰে জুনিয়ৰ মহিলা দলে ৷ চাৰিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক ২–১ গ’লত পৰাস্ত কৰি মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে প্রথমবাৰৰ বাবে খিতাপ অর্জন কৰিছে ৷ জাপানত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত ভাৰতীয় দলটোৱে এই বিজয়েৰে ইতিহাস সৃষ্টি কৰিছে৷ উল্লেখ্য যে মহিলাৰ এছিয়ান জুনিয়ৰ হকী প্রতিযোগিতাত ভাৰতৰ এইটোৱেই প্রথম খিতাপ ৷ মেচখনৰ প্রথম কোৱার্টাৰত কোনো এটা দলেই গ’ল দিবলৈ সক্ষম হোৱা নাছিল ৷ ২২ মিনিটত এটি পেনাল্টী কর্নাৰৰ সদ্ব্যৱহাৰ কৰি অন্নুৱে ভাৰতক অগ্রগতি প্রদান কৰে ৷ মেচখনত অগ্রগতি অর্জন কৰাৰ পিছত ভাৰতীয় দলটোৱে অধিক উজ্জীৱিত প্রদর্শন দাঙি ধৰে ৷ কিন্তু ইয়াৰ কিছু সময়ৰ পিছতে দক্ষিণ কোৰিয়াই সমতা স্থাপন কৰে ৷ দলটোৰ ষ্ট্রাইকাৰ পার্ক চিউ ইয়নে এটি দর্শনীয় গ’লেৰে নিজ দলক মেচখনলৈ ওভতাই আনে ৷ খেলৰ ৪১ মিনিটত দক্ষিণ কোৰিয়াৰ গ’লকীপাৰক পৰাভূত কৰি ভাৰতৰ নীলমে গ’ল দি দলৰ বিজয় নিশ্চিত কৰে ৷ ইয়াৰ পিছত দক্ষিণ কোৰিয়া দলটোৱে আক্রমণাত্মক ৰূপ ধাৰণ কৰিলেও গ’ল দিয়াত ব্যর্থ হয় ৷ দলটোৱে কেইবাটাও সুন্দৰ সুযোগ অথলে নিয়ায় ৷ উল্লেখ্য যে ইয়াৰ পূর্বে ২০১২ চনত ভাৰতে ফাইনেলত প্রৱেশ কৰিছিল ৷ কিন্তু সেইবাৰ চীনৰ বিপক্ষে ২–৫ গ’লত পৰাজিত হোৱাত ভাৰতৰ খিতাপৰ আশা নির্বাপিত হৈছিল ৷ কিন্তু কালি ভাৰতে প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে ট্রফী জয় কৰি ইতিহাস সৃষ্টি কৰে৷

You might also like