মেলবৰ্নত কেংগাৰুক যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ, ৰোমাঞ্চকৰ স্থিতিত বক্সি ডে টেষ্ট!
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ ডিচেম্বৰঃ কাইলৈৰ দিনটো বক্সি ডে টেষ্টৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিয়নো কাইলৈ ভাৰতে বেটিং কৰিবলৈ আহিলে মাত্ৰ এটা উইকেটহে থাকিব ভাৰতৰ হাতত। এটা উইকেট পতন মানেই ভাৰতৰ ইংনিছ শেষ। গতিকে আহিব অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ। তৃতীয় টেষ্টৰ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত কৰা ত্ৰাস সৃষ্টিকাৰী বলিঙৰ দৰে যদি কাইলৈও বুমৰাহৰ নেতৃত্বত কৰিব পাৰে, তেন্তে ভাৰতৰ জয় একপ্ৰকাৰ নিশ্চিত হব। কিন্তু তাৰ বাবে মাথোঁ লাগিব সময়ৰ অপেক্ষা। মুঠৰ ওপৰত একপ্ৰকাৰ ৰোমাঞ্চকৰ পৰ্যায়ত যেন উপনীত হৈছে বক্সি ডে টেষ্ট। ইফালে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলৰ মেলবৰ্ন আৰু ছিডনী টেষ্টত বিজয় অনিবাৰ্য। মেলবৰ্নত চলি থকা চতুৰ্থখন টেষ্টৰ তৃতীয় দিনটো আছিল নীতিশ কুমাৰ ৰেড্ডীৰ। বক্সিং ডে’ টেষ্টত নিজৰ ঐতিহাসিক শতকেৰে মেচ ঘূৰাই দিলে নীতিশে। তৃতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে ৯টা উইকেটৰ বিনিময়ত ৩৫৮ ৰান সংগ্ৰহ কৰিছে। ষ্টাম্পৰ সময়ত নীতিশ কুমাৰ ৰেড্ডীয়ে ১০৫ ৰানত অপৰাজিত হৈ থাকে আৰু মহম্মদ ছিৰাজে ২ ৰানত অপৰাজিত হৈ থাকে। এতিয়া কেংগাৰুৰ পৰা ১১৬ ৰান পিছপৰি আছে টীম ইণ্ডিয়া। যেতিয়া ঋষভ পণ্টে ২৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল আৰু ৰবীন্দ্ৰ জাদেজা ১৭ ৰান সংগ্ৰহ কৰি আউট হৈছিল, তেতিয়া ভাৰতৰ ওপৰত ফ’ল’অনৰ বিপদৰ সৃষ্টি হৈছিল। ভাৰতে ২২১ ৰানত ৭টা উইকেট হেৰুৱাইছিল। তেতিয়া এনে লাগিল যেন মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ হাতৰ পৰা ওলাই গৈছে, কিন্তু প্ৰকৃত যুদ্ধ এতিয়াও আহিবলগীয়া আছিল। নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰে হাৰ নামানিলে। দুয়োজনে নিজৰ শক্তিশালী বেটিঙেৰে মেচ ঘূৰাই দিলে। অষ্টম উইকেটৰ বাবে নীতিশ আৰু সুন্দৰে ১২৭ ৰান সংযোজন কৰে। ১৬২টা বলত এটা চাৰিৰ সহায়ত সুন্দৰে ৫০ ৰান সংগ্ৰহ কৰে। উজ্জ্বল শতক অৰ্জন কৰিলে নীতিশে। এতিয়ালৈকে তেওঁৰ বেটৰ পৰা ১০টা চাৰি আৰু এটা ছয় আহিছে। ৰেড্ডীয়ে ১০টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ১৭১টা বলত শতক সম্পূৰ্ণ কৰে। আঠ নম্বৰত বেটিং কৰিবলৈ খেলপথাৰলৈ আহিছিল নীতিশ। তেওঁ দলটোক এক কঠিন পৰিস্থিতিৰ পৰা উলিয়াই আনিলে। তেওঁৰ শতকীয় ইনিংছে টীম ইণ্ডিয়াক শক্তিশালী স্থিতি প্ৰদান কৰে। দ্বিতীয় দিনলৈকে ভাৰতীয় দলটোৱে মাত্ৰ ১৬৪ ৰানত ৫টা উইকেট হেৰুৱাইছিল। ইয়াৰ পৰাই এনে লাগিছিল যে ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ডাঙৰ স্ক’ৰত উপনীত হ’ব নোৱাৰিব। আজিৰ দিনটোত টীম ইণ্ডিয়াই ১৯১ ৰানৰ স্ক’ৰত ষষ্ঠ উইকেট আৰু ২২১ ৰানৰ স্ক’ৰত সপ্তম উইকেট হেৰুৱায়। ইয়াৰ পিছত প্ৰায় সকলো আশা হেৰাই গ’ল। ইয়াৰ পৰাই নীতিশ ৰেড্ডী আৰু সুন্দৰে দায়িত্ব লৈ দলটোক ৩৪৮ ৰানলৈ লৈ যায় ৮ম উইকেটৰ পতনলৈকে। তৃতীয় দিনটো টীম ইণ্ডিয়াৰ বুলি ক’লে ভুল নহ’ব৷