নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় মহিলা ভাৰোত্তোলক স্বপ্ন প্রিয়া বৰুৱা

🔹 কুমুদ তালুকদাৰ

ৰাজ্যৰ ক্রীডাবিদসকলৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে যদিও এই আঁচনিসমূহে বহু সময়ত প্রকৃত ক্রীড়াবিদক ঢুকি নাপায়৷ ইয়াৰ ফলত বহু খেলুৱৈয়ে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত সফলতা অর্জন কৰাৰ পিছতো প্রাপ্য সা–সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হৈছে আন্তর্জাতিক প্রতিযোগিতাত একাধিক পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা সুদক্ষ ভাৰোত্তোলক স্বপ্ণাপ্রিয়া বৰুৱা৷ ওদালগুৰি জিলাৰ আংৰা গাঁৱৰ এটি দৰিদ্র পৰিয়ালৰ পৰা ওলাই আহি ৰাজ্যৰ লগতে দেশৰ ভাৰোত্তোলন জগতত নিজৰ নাম উজলাই তোলা স্বপ্ণাই বিভিন্ন বিভাগত আবেদন–নিবেদন জনোৱাৰ পিছতো নাপালে এটি চৰকাৰী চাকৰি৷ মাত্র দুবিঘামান মাটিত খেতি কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা তেওঁৰ পিতৃ গর্গৰাম বৰুৱা সম্প্রতি হতাশ হৈ পৰিছে৷ বৰুৱাৰ একমাত্র পুত্র মানসিকভাৱে কিছু অসুস্থ হোৱা বাবে কন্যা স্বপ্ণাক লৈ তেওঁ বহু সপোন দেখিছিল যদিও সেয়া লাহে লাহে নিৰাশাত পৰিণত হ’ব ধৰিছে৷ অৱশ্যে ইমানৰ পিছতো ভাগি পৰা নাই স্বপ্ণা৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পুনৰ নিজকে উজলাই তোলাৰ উদ্দেশ্যে তেওঁ এতিয়া অৰুণাচলৰ ইটানগৰস্থিত ছাইৰ এক্সিলেঞ্চী চেণ্টাৰত ভাৰোত্তোলনৰ উন্নত প্রশিক্ষণ গ্রহণ কৰি আছে৷ সদ্যসমাপ্ত খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছত তেওঁ ৮৭ কেজি শাখাত সোণৰ পদক অর্জনেৰে পুনৰ নিজৰ দক্ষতা প্রমাণিত কৰে৷ প্রতিযোগিতাখনত তেওঁ অন্ধ্রপ্রদেশৰ যোগী বেমানা বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰিছিল৷ গুৰুত্বপূর্ণ কথাটো হ’ল ২০০৮ চনতে স্বপ্ণাই ভাৰোত্তোলনৰ আদিপাঠ গ্রহণ কৰিলেও তাৰ আগলৈ এইবিধ খেলৰ প্রতি তেওঁৰ কোনো ধাৰণাই নাছিল৷ তদুপৰি, খেলৰ জডিয়তে কেৰিয়াৰ গঢ়াৰ সপোনো দেখা নাছিল কেতিয়াও৷ তেওঁৰ ঘৰখনৰ দৰিদ্রপীডিত অৱস্থা দেখি আগবাঢ়ি আহিছিল তেজপুৰৰ এগৰাকী আত্মীয় তথা প্রাক্তন মহিলা ভাৰোত্তোলক মৃণালিনী শর্মা৷ তেৱেঁই স্বপ্ণাৰ শাৰীৰিক গঠনৰ প্রতি লক্ষ্য ৰাখি ভাৰোত্তোলনৰ প্রশিক্ষণ গ্রহণৰ বাবে পৰামর্শ দিছিল৷ স্বপ্ণাৰ মাজত দেখা পোৱা সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি হয়তো তেওঁ ভাবিছিল– এদিন এইবিধ ক্রীডাত প্রতিষ্ঠা লাভ কৰি ভৱিষ্যতে দুখীয়া পৰিয়ালটোক কিছু পৰিমাণে হ’লেও সকাহ দিব পাৰিব৷ সেই সময়ত স্বপ্ণাই ওদালগুৰি ছোৱালী হাইস্কুলত অষ্টম শ্রেণীত পঢ়ি আছিল৷ ২০০৮ চনৰ কোনোবা এটি দিনত মৃণালিনী শর্মাৰ সৈতে আহি গুৱাহাটীৰ ছাই উপ–কেন্দ্রত ভাৰোত্তোলনৰ বাছনিত অৱতীর্ণ হ’ল স্বপ্ণা৷ আশা কৰা মতেই তেওঁক প্রশিক্ষক অজিত বৈশ্যই ছাইত প্রশিক্ষণৰ বাবে নির্বাচন কৰে৷ ইয়াৰ লগে লগে নভবাকৈয়ে ছোৱালীজনীয়ে এটি নতুন পথত খোজ পেলালে৷ ইয়াৰ পিছত তেওঁ পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷ প্রশিক্ষণ গ্রহণৰ পিছৰ বছৰতে তেওঁ ধেমাজিত অনুষ্ঠিত ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাত যুৱ শাখাৰ ৬৩ কেজিত গুৱাহাটী ছাই দলক প্রতিনিধিত্ব কৰি সোণৰ পদক দখল কৰে৷ ইয়াৰ পিছত কেইবাখনো ৰাজ্যিক প্রতিযোগিতাত তেওঁ বুটলি আনে অসংখ্য পদক৷ ৰাজ্যিক প্রতিযোগিতাসমূহত দেখুওৱা এনে সফলতাৰ বাবেই স্বপ্ণাই ২০১১ চনত ৰাজ্যিক দলত সুযোগ লাভ কৰে৷ সেইবছৰ তেওঁ প্রথমবাৰৰ বাবে হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্রীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসম দলক প্রতিনিধিত্ব কৰে৷ প্রতিযোগিতাখনত খেলুৱৈগৰাকীয়ে পদক অর্জনত ব্যর্থ হ’লেও ২০১২ চনত অৰুণাচলত আয়োজিত ৰাষ্ট্রীয় চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ ২০১২ চনতেই তেওঁ প্রথমবাৰৰ বাবে ভাৰতীয় দলত স্থান অর্জন কৰে৷ সেইবাৰ চমুৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় ভাৰোত্তোলন প্রতিযোগিতাত স্বপ্ণাই ৰূপৰ পদক অর্জনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷ ইয়াৰ পিছৰ বছৰত, অর্থাৎ ২০১৫ চনত এইগৰাকী প্রতিভাৱান ভাৰোত্তোলকে পুনেত আয়োজিত কমনৱেল্থ ভাৰোত্তোলন চেম্পিয়নশ্বিপত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে ভাৰতীয় দলত সুযোগ পায়৷ প্রতিযোগিতাখনত তেওঁ দখল কৰে স্বর্ণ পদক৷ ২০১৯ চনত তেওঁ বিশাখাপট্টনমত অনুষ্ঠিত ৰাষ্ট্রীয় ছিনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে৷ ২০২০ চনতো সফলতাৰ ধাৰা অব্যাহত ৰাখি স্বপ্ণাই পশ্চিমবংগত আয়োজিত ছিনিয়ৰ ৰাষ্ট্রীয় ভাৰোত্তোলন প্রতিযোগিতাত অর্জন কৰে ব্রঞ্জৰ পদক৷ এই সময়ছোৱা স্বপ্ণাৰ কেৰিয়াৰৰ অন্যতম বর্ণিল সময়৷ দৰিদ্রতাই বাৰে বাৰে প্রৱল চাপ সৃষ্টি কৰিলেও হাৰ নমনা স্বপ্ণাক এটা চৰকাৰী চাকৰিৰ অতিশয় প্রয়োজন হৈ পৰিছিল৷ কাৰণ, উপার্জনৰ বিশেষ পথ নথকা ঘৰখনৰ পৰা ধন আনি খেলি থকাটো তেওঁৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল৷ সেইবাবে ৰে’ল বিভাগ আৰু আৰক্ষী বিভাগত চাকৰিৰ বাবে আবেদন জনাই তেওঁ হতাশ হ’বলগীয়া হৈছিল৷ এই বিভাগসমূহৰ বাবে তেওঁৰ পৰিশ্রম আৰু আন্তঃৰাষ্ট্রীয় পদকবোৰে যেন মূল্যহীন হৈ পৰিছিল৷ ক’ভিডৰ সমস্যা, আঘাত আৰু মাতৃৰ বিয়োগে তেওঁৰ সন্মুখত প্রৱল প্রত্যাহ্বান সৃষ্টি কৰিছিল৷ ক’ভিডৰ পিছত গুৱাহাটী ছাইৰ পৰা ভাৰোত্তোলন ইভেণ্টটো লখিমপুৰলৈ স্থানান্তৰ কৰা হয়৷ কিন্তু তাত স্বপ্ণাৰ বয়সে সমস্যা সৃষ্টি কৰাত তেওঁক পাটিয়ালালৈ যাবলৈ নির্দেশ দিয়া হয়৷ কিন্তু সেই সময়তে, অর্থাৎ ২০২১ চনত মাতৃ চম্পা বৰুৱাৰ বিয়োগ ঘটাত তেওঁ পাটিয়ালালৈ যাব নোৱাৰিলে৷ এনেদৰে প্রায় দুবছৰ ঘৰত থাকিবলগীয়া হোৱাত তেওঁৰ অনুশীলনত বাধাৰ সৃষ্টি হয়৷ তদুপৰি ওদালগুৰি জিলাত ভাৰোত্তোলনৰ নাই কোনো পর্যাপ্ত সুবিধা৷ সেই সময়ছোৱাত কেৱল জীমলৈ গৈ শৰীৰ চর্চা কৰাৰ বাহিৰে কোনোধৰণৰ অনুশীলন কৰাটো সম্ভৱ হোৱা নাছিল৷ ধনৰ অভাৱৰ বাবে অন্য ঠাইলৈ গৈ অনুশীলন কৰাৰো সুবিধা নোপোৱাত গুজৰাটত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীডালৈ তেওঁ যোগ্যতা অর্জনত ব্যর্থ হয়৷ যিটো কথাই তেওঁক এতিয়াও মনত দুখ দিয়ে৷ অৱশ্যে ২০২২ চনতে ইটানগৰস্থিত ছাইৰ এক্সিলেঞ্চী চেণ্টাৰলৈ নিমন্ত্রিত হয় ভাৰোত্তোলকগৰাকী৷ অৰুণাচল ছাইৰ প্রশিক্ষক ফার্ণাম সিঙে তেওঁৰ পদক তথা প্রমাণ–পত্রসমূহ পৰীক্ষা কৰি তাত উন্নত প্রশিক্ষণৰ সুযোগ দিয়ে৷ ইয়াৰ পিছতে ২০২২ চনৰ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক ভাৰোত্তোলনত ধনশিৰি জিলা দলৰ হৈ খেলি সোণৰ পদক দখল কৰে৷ প্রশিক্ষক সিঙৰ আস্থা বিশ্বাসলৈ পৰিৱর্তন কৰি তেওঁ সদ্যসমাপ্ত ইণ্টাৰ ইউনিভার্ছিটী গেমছত ব্রঞ্জ আৰু খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছত অর্জন কৰে সোণৰ পদক৷ ইপিনে, চলিত বর্ষৰ জানুৱাৰীত অনুষ্ঠিত ছিনিয়ৰ নেচনেল গেমছত দর্শনীয় প্রদর্শন দাঙি ধৰি তেওঁ এইবছৰৰে অক্টোবৰত গোৱাত হ’বলগীয়া ৰাষ্ট্রীয় গেমছলৈ যোগ্যতা অর্জন কৰিছে৷ তেওঁৰ আশা– প্রতিযোগিতাখনত স্বর্ণ পদক দখল কৰি এটি চৰকাৰী চাকৰি লাভ কৰিব আৰু ভৱিষ্যতে আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাৰ বাবে নিজকে সাজু কৰি তুলিব৷ ইয়াৰ ফলত নিজৰ কেৰিয়াৰো দীঘলীয়া হ’ব আৰু অভাৱগ্রস্ত পৰিয়ালটোৰ মুখত হঁাহি বিৰিঙি উঠিব৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুজৰাট ৰাষ্ট্রীয় ক্রীডাৰ পূর্বে ঘোষণা কৰিছিল যে এই প্রতিযোগিতাখনত পদক বিজয়ী খেলুৱৈসকলক প্রদান কৰা হ’ব চৰকাৰী চাকৰি৷ ইতিমধ্যে মুখ্যমন্ত্রীগৰাকীয়ে এই প্রতিশ্রুতি পালন কৰিছে৷ সেইবাবে স্বপ্ণাই পৰৱর্তী ৰাষ্ট্রীয় ক্রীডালৈ আগ্রহেৰে অপেক্ষা কৰিছে৷

You might also like