পিপিই কিট পিন্ধি ডুবাইলৈ ৰাজস্থান ৰয়েলছ
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ বাবে আজি ইউ এ ইত উপস্থিত হৈছে কিংছ একাদশ পঞ্জাবৰ খেলুৱৈসকল৷ মুম্বাই বিমানবন্দৰৰ পৰা দলটোৱে পুৱা ডুবাই অভিমুখে ৰাওনা হয় আৰু সন্ধিয়া চহৰখনত উপস্থিত হয়৷ কিংছ একাদশৰ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে টুইটাৰত সতীর্থৰ সৈতে ভ্রমণৰ এটা ফটো শ্বেয়াৰ কৰিছে৷ ফটোটোত দলটোৰ বেটিং প্রশিক্ষক ৱাছিম জাফৰকো দেখিবলৈ পোৱা গৈছে৷
উল্লেখ্য যে আই পি এলৰ বাবে ইউ এ ইত উপস্থিত হোৱা কিংছ একাদশ হ’ল প্রথমটো দল৷ ইফালে, ৰাজস্থান ৰয়েলছে দুপৰীয়া মুম্বাইৰ পৰা ডুবাই অভিমুখে উৰা মাৰে৷ নিশাৰ ভাগত দলটো ডুবাইত উপস্থিত হোৱাৰ কথা আছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ প্রতি লক্ষ্য ৰাখি ৰাজস্থান ৰয়েলছে দলটোৰ প্রতিগৰাকী খেলুৱৈক সুৰক্ষিত কৰি ৰাখিবলৈ পি পি ই কিট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে৷ সেই অনুসৰি দলটোৱে হোটেলৰ পৰা পি পি ই কিট পিন্ধি মুম্বাই বিমানবন্দৰলৈ আহে আৰু তাৰ পৰা ডুবাইলৈ ৰাওনা হয়৷ মন কৰিবলগীয়া যে আজি ডুবাইলৈ ৰাওনা হোৱা ৰাজস্থান ৰয়েলছ দলটোৰ সৈতে আছে অসমৰ চাৰিগৰাকীকৈ খেলুৱৈ৷ বিগত বর্ষৰ আই পি এলত চমকপ্রদ বেটিঙেৰে উজলি উঠা প্রতিভাৱান বেটছমেন ৰিয়ান পৰাগৰ লগতে ৰাজস্থান ৰয়েলছৰ নেট বলাৰ হিচাপে নির্বাচিত হোৱা ৰাহুল সিং, জিতুমণি কলিতা আৰু মৃণ্ময় দত্তও ডুবাইলৈ ৰাওনা হৈছে৷ উল্লেখ্য যে বি চি চি আইৰ ক’ভিড–১৯ প্রট’কল অনুসৰি ডুবাইলৈ ৰাওনা হোৱাৰ পূর্বে প্রতিগৰাকী খেলুৱৈৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ ক’ভিড টেষ্টত নিগেটিভ অহা খেলুৱৈসকলেহে ডুবাইলৈ যোৱাৰ অনুমতি লাভ কৰিছে৷
ইফালে, মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছৰ চি ই অ’ কাশী বিশ্বনাথনে আজি সদৰী কৰিছে যে দলটোৱে কাইলৈ আই পি এলৰ বাবে ইউ এ ইলৈ উৰা মাৰিব৷ ভাৰতৰ পৰিৱর্তে ইউ এ ইৰ আবুধাবি, শ্বাৰজাহ আৰু ডুবাইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ প্রথমখন মেচত বিগত বর্ষৰ ৰানার্ছআপ চেন্নাই ছুপাৰ কিংছে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব৷ অৱশ্যে বি চি চি আয়ে এতিয়াও প্রতিযোগিতাৰ সম্পূর্ণ সূচী ঘোষণা কৰা নাই৷ ৫৩ দিন ধৰি চলিবলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন অহা ১০ নৱেম্বৰত খেলোৱা হ’ব৷ প্রথমবাৰৰ বাবে আই পি এলৰ ফাইনেল মেচ দেওবাৰৰ সলনি মঙলবাৰে আয়োজনৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷