নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনী নতুন ভাৰতৰ উৎকৃষ্ট নিদর্শন: মোদী

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ স্বাধীনতা দিৱসৰ সন্ধিয়া আকস্মিকভাৱে আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক নিউ ইণ্ডিয়াৰ উৎকৃষ্ট নিদর্শন আখ্যা দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অৱসৰৰ পিছৰ জীৱনৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰি ধোনীলৈ লিখা এখন পত্রত প্রধানমন্ত্রীয়ে কয় যে এগৰাকী মহান বেটছমেন, সফল অধিনায়ক আৰু শ্রেষ্ঠ উইকেটৰক্ষক হিচাপে মহেন্দ্র সিং ধোনীৰ নাম ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ ধোনীৰ উত্থান আৰু মহানতাই বিশ্বৰ প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি যাব বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ ‘১৫ আগষ্টৰ সন্ধিয়া এটা চুটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আপুনি সমগ্র দেশৰ চর্চাৰ বিষয় হৈ পৰিছে৷

১৩০ কোটি ভাৰতীয় আপোনাৰ অৱসৰৰ সংবাদক লৈ দুখী হোৱাৰ সমান্তৰালকৈ আপোনাৰ প্রতি চিৰকৃতজ্ঞ৷ ভাৰতীয় ক্রিকেটক সফলতাৰ শিখৰলৈ নি আপুনি ১৩০ কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰিছে৷ এগৰাকী মহান বেটছমেন, সফল অধিনায়ক তথা শ্রেষ্ঠ উইকেটৰক্ষক হিচাপে আপোনাৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব৷ জটিল সময়ত আপোনাৰ বিচক্ষণ নেতৃত্ব আৰু শান্ত–সমাহিত স্বভাৱ আমাৰ বাবে আদর্শস্বৰূপ৷ ২০১১ৰ বিশ্বকাপৰ উত্তেজনাপূর্ণ পৰিস্থিতিত আপোনাৰ ধৈর্যশীল বেটিং আমাৰ সকলোৰে মনত আছে৷ এখন সৰু চহৰৰ পৰা আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ আপোনাৰ যাত্রাই প্রতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰে৷ আপোনাৰ উত্থান আৰু নম্রতাই কোটি কোটি যুৱক–যুৱতীক প্রেৰণা দিয়ে৷ আপুনি নতুন ভাৰতৰ অন্যতম শ্রেষ্ঠ নিদর্শন৷ যিয়ে পৰিয়ালৰ ওপৰত নির্ভৰ নকৰি নিজৰ প্রতিভাৰ বলত নিজৰ ভাগ্য নির্ধাৰণ কৰিছে৷ ভাৰতীয় সেনাৰ প্রতি আপোনাৰ শ্রদ্ধা আমি সকলোৱে প্রত্যক্ষ কৰিছোঁ৷ মই আপোনাৰ অনাগত ভৱিষ্যৎ সুন্দৰ হোৱাৰ কামনা কৰিছোঁ৷’ মোদীয়ে এইদৰে কয়৷

You might also like