নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLৰ আজি প্ৰথম কোৱালিফায়াৰ, সপোনৰ ট্ৰফী জিনাৰ সুবৰ্ণ সুযোগ PBKSৰ

প্ৰথমখন কোৱালিফায়াৰত মুখামুখি হব শক্তিশালী দুই দল PBKS বনাম RCB

IPLৰ আজি প্ৰথম কোৱালিফায়াৰ, সপোনৰ ট্ৰফী জিনাৰ সুবৰ্ণ সুযোগ PBKSৰ

বিশেষ প্ৰতিবেদনঃ আজি আইপিএল-২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰ। এই প্ৰথমখন কোৱালিফায়াৰত মুখামুখি হব শক্তিশালী দুই দল পঞ্জাব কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।
প্ৰতিবেদনত প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো যে আজি যি দুটা দলে কোৱালিফায়াৰত অৱতীৰ্ণ হব দুয়োটা দলে আজিলৈকে আইপি এলৰ এটা খিতাপ হস্তগত কৰিব পৰা নাই।

আজিৰ খেল পঞ্জাব কিংছৰ দৃষ্টি নিবদ্ধ থাকিব অপেনিং যুটি প্ৰিয়াংশ আৰিয়া আৰু প্ৰভছিমৰন সিঙৰ ওপৰত। কিয়নো দুয়ো এতিয়ালৈ অপেনিং যুটিৰে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি কাঢ়িছে।

প্ৰথমেই আহোঁ পঞ্জাব কিংছৰ কথালৈ। ২০০৮ চনত আৰম্ভ হোৱা আইপিএলৰ পৰা ২০২৪লৈ আটাইকেইটা সংস্কৰণতে পঞ্জাব কিংছ দলে অংশগ্ৰহণ কৰিছে যদিও ফাইনেলৰ দুৱাৰ অতিক্ৰম কৰিব পৰা নাই। পৰিসংখ্যাৰ পৰা চালে দেখা যায় যে ২০০৮ চনত ছেমিফাইনেল আৰু ২০১৪ চনত ৰানাৰ্ছ আপতেই শেষ হৈছে পঞ্জাব কিংছৰ প্ৰত্যাহ্বান। আনহাতে ২০০৯-২০১৩লৈ আৰু ২০১৫ চনৰ পৰা ২০২৪লৈ পঞ্জাব কিংছ দলে লীগতেই শেষ কৰিছে প্ৰত্যাহ্বান।

পঞ্জাব কিংছ দলে এতিয়ালৈ যুৱৰাজ সিং, কুমাৰ ছাংগাকাৰা, মাহেলা জয়াবৰ্ধনে, আডাম গিলখ্ৰীষ্ট, ডেভিদ হাছী, জৰ্জ বেইলী, বীৰেন্দৰ ছেহৱাগ, ডেভিদ মিলাৰ, মুৰুলী বিজয়, গ্লেন মেক্সৱেল, ৰবিচন্দ্ৰন অশ্বিন, কে এল ৰাহুল, মায়ংক আগৰৱাল, শিখৰ ধাৱন, ছেম কৰন, জিতেশ শৰ্মা আৰু এইবাৰ শ্ৰেয়াশ আয়াৰক অধিয়ানকৰ দায়িত্ব দিছিল।

একমাত্ৰ জৰ্জ বেইলীৰ নেতৃত্বতেই পঞ্জাব কিংছে ফাইনেল খেলি কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈছিল।

এইবাৰ সম্পূৰ্ণ যুৱ তাৰকাৰে নামিছে পঞ্জাব কিংছ। যোৱাবাৰৰ চেম্পিয়ন কেকেআৰৰ অধিনায়ত শ্ৰেয়াছ আয়াৰ বিপুল ধনত ক্ৰয় কৰে প্ৰীতি জিণ্টা মালিকানাধীন পঞ্জাব কিংছে।

শ্ৰেয়াছেও নিৰাশ নকৰি দলক পইণ্ট তালিকাৰ শীৰ্ষত থাকি আজি প্ৰথমখন কোৱালিফায়াৰ খেলিব। খেলিব আকৌ RCBৰ বিৰুদ্ধে। কিয়নো এটা ট্ৰফী জিকাৰ আপাহতে যোৱা ১৮ বছৰ যুঁজি আছে দুয়োটা দলে।

শ্ৰেয়াছ আয়াৰ বাহিনীয়ে পাৰিবনে এইবাৰ পঞ্জাব কিংছৰ সপোন পূৰা কৰিবলৈ। পাৰিবনে প্ৰীতি জিণ্টাৰ স্বপ্ন সাৰ্থক কৰিবলৈ।

You might also like