নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ মে’ৰ পৰা পুনৰ আইপিএল

🔹 নতুনকৈ সূচী প্রকাশ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ

নিউজ ডেস্ক, ১৩ মে’ : পুনৰ আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএল ৷ দুই চুবুৰীয়া ৰাষ্ট্র ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ বাবে এসপ্তাহৰ বাবে স্থগিত ৰখা আইপিএল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিচিচিআয়ে৷ প্রতিযোগিতাখন ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব বুলি সদৰী কৰে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই৷ ১৭ মে’ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডার্ছৰ মাজত মেচখন অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ বাকী থকা ১৭খন মেচ ৬টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ব’র্ডে৷ মেচসমূহ বেংগালুৰু, জয়পুৰ, দিল্লী, লক্ষ্ণৌ, আহমেদাবাদ আৰু মুম্বাইত অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৩ জুনত অনুষ্ঠিত হ’ব৷ নতুনকৈ প্রকাশ কৰা সূচী অনুসৰি, প্রতি দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ প্রথমখন কোৱালিফায়াৰ ১৯ মে’ত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০ মে’ত এলিমিনেটৰ আৰু ১ জুনত দ্বিতীয়খন কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া যে প্লে-অফৰ মেচৰ স্থানসমূহ পৰৱর্তী সময়ত ঘোষণা কৰা হ’ব বুলি বিচিচিআয়ে সদৰী কৰিছে৷ উল্লেখ্য যে গুজৰাট টাইটানছে ১৬ পইণ্ট অর্জন কৰি গড় ৰানৰ ভিত্তিত পইণ্ট তালিকাৰ শীর্ষস্থান অধিকাৰ কৰি থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে ১৬ পইণ্ট অর্জন কৰি দ্বিতীয় স্থানত, ১৫ পইণ্ট অর্জন কৰি পঞ্জাব কিংছে তৃতীয় স্থানত, ১৪ পইণ্ট অর্জন কৰি মুম্বাই ইণ্ডিয়ানছে চতুর্থ স্থানত, ১৩ পইণ্ট অর্জন কৰি দিল্লী কেপিটেলছে পঞ্চম স্থানত, ১১ পইণ্ট অর্জন কৰি কলকাতা নাইট ৰাইডার্ছে ষষ্ঠ স্থানত আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১০ পইণ্ট সংগ্রহ কৰি সপ্তম স্থান অধিকাৰ কৰি আছে৷

You might also like