নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত পুনৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ অত্যধিক মেচ আৰু ক’ৰোনাৰ বাবে পূর্বৰ আকর্ষণ হেৰুৱাইছে আই পি এলে৷ অৱশ্যে ২০১৯ চনৰ পৰাই একাধিক কাৰণত বন্ধ হৈ আছে প্রতিযোগিতাখনৰ উদ্বোধনী আৰু সামৰণী অনুষ্ঠান৷ কিন্তু ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অহাৰ লগে লগে পুনৰ সামৰণী অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্রিকেট ব’র্ডে৷

উল্লেখ্য যে ২০১৯ চনত পুলৱামাত সন্ত্রাসবাদীৰ আক্রমণত বহুসংখ্যক চি আৰ পি এফ জোৱানে প্রাণ হেৰুৱাইছিল৷ সেই বছৰ প্রথমবাৰৰ বাবে আই পি এলত উদ্বোধনী আৰু সামৰণী অনুষ্ঠান নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ব’র্ডে৷ এই অনুষ্ঠানৰ অর্থ ৰাহি কৰি সেই ধন শ্বহীদসকলৰ পৰিয়ালৰ হাতত তুলি দিয়া হ’ব বুলি জনোৱা হৈছিল৷ সকলোৱে ধাৰণা কৰিছিল যে পৰৱর্তী বছৰৰ পৰা পুনৰ উভতি আহিব আই পি এলৰ আকর্ষণ৷ কাৰণ উদ্বোধনী আৰু সামৰণী অনুষ্ঠান এই প্রতিযোগিতাৰ অন্যতম আকর্ষণ৷ বলীউডৰ তাৰকাসকলৰ প্রদর্শনে আকর্ষণীয় কৰি তোলে ক্রিকেটৰ এই চহকী লীগ৷ কিন্তু ২০২০ চনত সম্পূর্ণৰূপে সলনি হৈ পৰে পৰিস্থিতি৷

অতিমাৰী ক’ৰোনা ভাইৰাছৰ প্রকোপৰ বাবে আই পি এল অনুষ্ঠিত কৰা সম্ভৱ হোৱা নাছিল৷ যোৱা বছৰ দর্শকশূন্য গেলাৰীত অনুষ্ঠিত হয় আই পি এল৷ সম্প্রতি বহুখিনি নিয়ন্ত্রণলৈ আহিছে ক’ৰোনা৷ সেইবাবে চলিত আই পি এলত আয়োজন কৰা হৈছে সামৰণী অনুষ্ঠানৰ৷ ব’ডৰ সূত্রই জনোৱা মতে, অনুষ্ঠান আয়োজনৰ বাবে ইভেণ্ট মেনেজমেণ্ট সংস্থাসমূহক আহ্বান জনোৱা হৈছে৷

ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে যে যিসকলে অনুষ্ঠান আয়োজনত আগ্রহী তেওঁলোকে এক লাখ টকাৰে আবেদন জনাব লাগিব৷ ২৫ এপ্রিলৰ পৰা দিয়া হ’ব নিবিদা–পত্র৷ টি–২০ প্রতিযোগিতাখনলৈ প্রাণ ওভতাই অনাৰ বাবে গুজৰাটৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ফাইনেলৰ লগতে আয়োজন কৰা হ’ব সামৰণী অনুষ্ঠানৰ৷

You might also like